বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / ক’ভিড টেষ্ট নকৰা যাত্ৰীৰ বিৰুদ্ধে গোচৰ

ক’ভিড টেষ্ট নকৰা যাত্ৰীৰ বিৰুদ্ধে গোচৰ

কঠোৰ হৈছে জিলা প্ৰশাসন

শিলচৰ, ২২ এপ্ৰিল: শিলচৰ বিমানবন্দৰত প্ৰতি দিনেই ৭০০ যাত্ৰীয়ে অৱতৰণ কৰে আৰু বিমানবন্দৰ কৰ্তৃপক্ষই ক’ভিডৰ দ্বিতীয় ঢৌৰ পিছত প্ৰতিগৰাকী যাত্ৰীৰে ক’ভিড পৰীক্ষা কৰাতো বাধ্যতামূলক কৰি দিছে৷কিন্তু আশ্চৰ্যজনকভাৱে কালি বিমান বন্দৰটোত বিভিন্ন বিমানৰ জৰিয়তে অহা ৩০০ যাত্ৰীয়ে কোনো ক’ভিড পৰীক্ষা নকৰাকৈ বিমানবন্দৰ ত্যাগ কৰে৷এই ঘটনাৰ পিছত জিলা প্ৰশাসনে এই যাত্ৰীসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ সিন্ধান্ত লৈছে ৷উল্লেখযোগ্য যে বিমানবন্দৰত বিমানেৰে অৱতৰণ কৰাৰ পিছতেই যাত্ৰী সকলক এখন বাছেৰে চিকিৎসালয়লৈ নি ক’ভিড পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা হৈছিল৷কিন্তু কালি মুঠ ৩০০ গৰাকী যাত্ৰীয়ে এই ক’ভিড পৰীক্ষা নকৰোৱাকৈ গন্তব্যস্থানলৈ গুছি যায়৷তাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে ভাৰতীয় দণ্ডবিধিৰ ১৮০ ধাৰা অনুসৰি এই যাত্ৰীসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব৷কাছাৰৰ অতিৰিক্ত উপায়ুক্ত সুধিত সতভানে কয় যে পলাই যোৱা যাত্ৰী সকলক বিচাৰি ওলিওৱাতো কঠিন নহ’ব কাৰণ তেওঁলোকে টিকেট বুক কৰাৰ সময়ত যোগাযোগৰ নম্বৰ দিছিল৷“আমি ইতিমধ্যে বিমানবন্দৰ কৰ্তৃপক্ষৰ ফালৰ পৰা তেওঁলোকৰ যাবতীয় তথ্য সংগ্ৰহ কৰিছোঁ৷ক’ভিড নিয়মাৱলী ভংগ কৰা আৰু দুৰ্যোগ প্ৰশমনৰ আইন ভংগ কৰাৰ বাবে তেওঁলোকৰ প্ৰতিজনৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰা হ’ব৷এই লোকসকলে কঠোৰ শাস্তিৰ সন্মুখীন হ’ট লাগিব আৰু এই শাস্তিৰ জৰিয়তে আন লোকসকলকো এক কঠোৰ বাৰ্তা যাব৷