সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / ক’ভিড প্ৰতিহত কৰিবলৈ সাজু নগাঁও

ক’ভিড প্ৰতিহত কৰিবলৈ সাজু নগাঁও

অক্সিজেনৰ পৰা কীটলৈ সকলো আছে নগাঁৱত

 নগাঁও, ২২ এপ্ৰিল: মহামাৰী কৰ’নাৰ দ্বিতীয়টো লহৰে ৰাজ্যৰ আন আন জিলাৰ লগতে নগাঁও জিলাতো ভয়াবহ ৰূপ ধাৰণ কৰিছে। জিলাখনৰ বিভিন্ন স্থানত নিতৌ ক’ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত জনসাধাৰণ শংকিত হৈ পৰে। উল্লেখ্য যে  প্ৰতিদিনে নগাঁৱত ৫০ জনৰো অধিক লোকৰ দেহত ক’ভিড-১৯ৰ অৱস্থিতি ধৰা পৰে।

কালিলৈকে  জিলাখনত ক’ভিড আক্ৰান্তৰ সংখ্যাই  তিনিশৰ ঘৰ অতিক্রম কৰে। কৰ’নাক লৈ সমগ্ৰ দেশজুৰি সৃষ্টি হোৱা জটিল পৰিস্থিতিৰ মাজতে  ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ  নগাওঁ জিলা স্বাস্থ্য বিভাগ সাজু হৈ উঠিছে। নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড  চিকিৎসালয়ত বৰ্তমানে ২০ টাকৈ আই চি ইউ সাজু কৰি ৰখা হৈছে।

নগাঁৱৰ ক’ভিড চিকিৎসালয়ত এই পৰ্যন্ত  ২১ জন ক’ভিড আক্ৰান্ত ৰোগী চিকিৎসাধীন অৱস্থাত আছে । ইপিনে মহাৰাষ্ট্র, দিল্লীকে ধৰি  দেশৰ বিভিন্ন স্থানত বৰ্ত্তমান সময়ত ক’ভিড ৰোগীৰ বাবে প্ৰয়োজন হোৱা অক্সিজেনৰ নাটনিক লৈ জটিল পৰিস্থিতিৰ সৃষ্টি হৈছে যদিও নগাওঁ জিলাত অক্সিজেন চিলিণ্ডাৰ পৰ্যাপ্ত পৰিমাণে মজুত থকা বুলি  জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডা: অতুল চন্দ্ৰ পাটৰে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। আনহাতে, নগাঁও জিলাত বৰ্ত্তমানলৈকে লাখৰো অধিক লোকক স্বাস্থ্য বিভাগে ক’ভিড ভেকচিন প্ৰদান কৰে। কৰ’না মহামাৰীৰ পৰা নিজৰ লগতে পৰিয়াল আৰু সমাজক সুস্থ কৰি ৰাখিবলৈ সকলোকে মাস্ক, চেনিটাইজাৰ ব্যৱহাৰ কৰাৰ ওপৰিও সামাজিক দূৰত্বৰ দিশটোত গুৰুত্ব দিবলৈ নগাঁৱৰ যুটীয়া স্বাস্থ্য সঞ্চালক  অতুল চন্দ্ৰ পাটৰে সংবাদ মাধ্যমৰ জৰিয়তে জনসাধাৰণক আহ্বান জনায়।