বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Politics  / ‘তৃণমূল’ৰ তৃণমূল কৰ্মীয়েই নাই!

‘তৃণমূল’ৰ তৃণমূল কৰ্মীয়েই নাই!

পশ্চিম বংগৰ জনসাধাৰণে বিচাৰিছে পৰিবৰ্তন

কলকাতা, ২২ এপ্ৰিল: পশ্চিম বংগত আজি ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ল৷ৰাজ্যখনৰ নিৰ্বাচনক লৈ অত্যন্ত আশাবাদী ভাৰতীয় জনতা পাৰ্টি৷বিজেপিয়ে আজি ৰাজ্যখনৰ ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ থকা সময়তে উল্লেখ কৰে যে তৃণমূল কংগ্ৰেছৰ জাহাজ ডুবিছে আৰু বিজেপিৰ দৰে এক বলিষ্ঠ শক্তিৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছে অকলেই যুঁজ দিবলগীয়া হৈছে৷

বিজিপিৰ সাংগঠনিক সম্পাদক বি.এল সন্তোষে আজি এক টুইটাৰ বাৰ্তাত লিখিছে “পশ্চিম বংগত আজি ৪৩খন আসনৰ বাবে ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ আছে৷এই নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে যুঁজ দিছে নিশকতীয়া তৃণমূল কংগ্ৰেছে৷ৰাজ্যখনৰ জনসাধাৰণ দুৰ্নীতি পৰায়ণ তৃণমূল কংগ্ৰেছ দলটোক গুৰিতে উভালি পেলাবলৈ সাজু হৈছে৷”পশ্চিম বংগত মুঠ ২৯৪ খন আসনৰ বাবে ৮ টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হৈছে৷ৰাজ্যখনত অন্তিম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব অহা ২৯ এপ্ৰিলত৷২ মে’ত আন ৪ খন ৰাজ্য ক্ৰমে অসম,তামিলনাডু,কেৰালা,পুডুচেৰীৰ লগতে পশ্চিম বংগৰ নিৰ্বাচনী ফলাফল ঘোষণা কৰা হ’ব৷বিজেপি দলৰ দায়িত্বত থকা অমিত মালব্যই আজি কেইটামান বুথৰ ফটো শ্বেয়াৰ কৰি টুইটাৰ বাৰ্তাত লিখিছে “ তৃণমূল কংগ্ৰেছৰ তৃণমূল কৰ্মীসকল বুথত নাইয়েই৷তৃণমূল কৰ্মীয়েই এতিয়া নিৰাপত্তা,শান্তি বিচাৰি বিজেপিক ভোট দিছে৷সেইয়া এই ফটোবোৰতেই স্পষ্ট৷”আন এগৰাকী বিজেপি নেতাই কৈছে “যিমানেই  পৰ্যায়ক্ৰমে নিৰ্বাচন অনুষ্ঠিত হৈ আছে,সিমানেই ভোটকেন্দ্ৰবোৰৰ তৃণমূলৰ প’লিং এজেণ্টবোৰ নোহোৱা হৈ গৈছে৷”