সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Lifestyle  / Health  / কেন্দ্ৰই ৰাজ্যলৈ দিলে পত্ৰ

কেন্দ্ৰই ৰাজ্যলৈ দিলে পত্ৰ

বিত্তীয় প্ৰতিষ্ঠানৰ লোকক অগ্ৰাধিকাৰ দিয়ক

নতুন দিল্লী, ২৩ এপ্ৰিল: দেশত দেখা দিয়া ক’ভিড মহামাৰীৰ প্ৰকোপৰ পৰা ৰক্ষা কৰিবলৈ জনসাধাৰণক দিয়া প্ৰতিষেধক টীীৰকা ঘাইকৈ বেংক কৰ্মচাৰী আৰু বিত্তীয় প্ৰতিষ্ঠানৰ লগত জড়িত লোকসকলক আগতীয়াকৈ প্ৰদান কৰাৰ আহ্বান জনাইছে কেন্দ্ৰীয় চৰকাৰে৷আজি কেন্দ্ৰই এই বিষয়টো উল্লেখ কৰি সকলো ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চললৈ পত্ৰ প্ৰেৰণ কৰিছে৷যিকোনো বিত্তীয় প্ৰতিষ্ঠান যেনে নেশ্যনেল পেমেণ্ট কৰ্পৰেশ্যন অফ ইণ্ডিয়া,গ্ৰাহক সেৱা কেন্দ্ৰৰ লগত জড়িত ব্যক্তি,বেংক বা বিত্তীয় প্ৰতিষ্ঠানৰ প্ৰতিনিধি,এটিএমৰ লগত জড়িত কৰ্মচাৰী আদিক প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিবলৈ অনুৰোধ জনাইছে কেন্দ্ৰই৷পত্ৰখনত জনোৱা হৈছে যে যিহেতু দেশৰ বিত্তীয় ব্যৱস্থাটো ঘাইকৈ এই সকল লোকৰ ওপৰত নিৰ্ভৰ কৰে গতিকে তেওঁলোকেও এই প্ৰতিষেধক গ্ৰহণৰ বাবে উদগ্ৰীৱ হৈ আছে৷ইতিমধ্যে যিহেতু কেন্দ্ৰীয় চৰকাৰে ১ মে’ৰ পৰা ১৮ বছৰ বয়সৰ ওপৰৰ সকলো লোকৰ বাবে প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰিছে,সেয়ে বেংক বা আন বিত্তীয় প্ৰতিষ্ঠানৰ লগত জড়িত লোকসকলক এই ক্ষেত্ৰত  অগ্ৰাধিকাৰ প্ৰদানৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে৷