সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Lifestyle  / Health  / নাদিমক শ্ৰাৱনে এৰি গ’ল

নাদিমক শ্ৰাৱনে এৰি গ’ল

কেতিয়াও লগ নোপোৱাৰ বাটেৰে গুছি গ’ল শ্ৰাৱন

মুম্বাই, ২৩ এপ্ৰিল: বলিউডৰ বিখ্যাত সংগীত নিৰ্দেশক যুটি নাদীম-শ্ৰাৱনৰ,শ্ৰাৱনৰ আজি মুম্বাইত ক’ভিড ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে৷উল্লেখযোগ্য যে শ্ৰাৱন ৰাথোড়ে শিহতীয়াকৈ কুম্ভমেলাত অংশ লৈ মুম্বাইলৈ উভতি আহিছিল৷শ্ৰাৱন ৰাথোড়ৰ পুত্ৰ সঞ্জীৱ ৰাথোড়ে কয় “মোৰ দেউতা আৰু মা দুয়ো বাৰৰণসীৰ কুম্ভমেলালৈ গৈছিল আৰু আহি তেওঁ ক’ভিড পজিটিভ হিচাপে চিনাক্ত হৈছিল৷মই কেতিয়াও ভবা নাছিলোঁ যে আমাৰ পৰিয়ালে এনেকুৱা এটা জটিল সময় পাৰ কৰিব লাগিব৷মোৰ মাও ক’ভিড পজিটিভ আনহাতে,ময়ো ক’ভিড পজিটিভ৷মোৰ দাদাও ক’ভিড ৰোগী যদিও তেওঁ হোম আইশ্ব’লেচনত আছে৷তেওঁক দেউতাৰ শেষকত্য সম্পন্ন কৰাৰ দায়িত্ব অনুমতি দিয়া হৈছে৷কুম্ভমেলাৰ পৰা উভতি আহি দেউতাই উশাহ লোৱাত সমস্যাৰ সন্মুখীন হৈছিল৷মাৰো একেই অসুবিধা৷আপোনালোকে আমাৰ পৰিয়ালৰ বাবে প্ৰাৰ্থনা কৰিব!”নাদীম -শ্ৰাৱন যুটিয়ে বহু কেইখন হিট ছবিৰ সংগীত উপহাৰ দিছে৷তেওঁলোকৰ বিখ্যাত চলচ্চিত্ৰ সমূহ হ’ল ‘আছিকী’,’ধৰকন’,’জুডাই’,’চাজন’,’হাম হ্যে ৰাহী প্যাৰ কা’,’পৰদেশ’,’ৰাজা হিন্দুস্তানী’ ইত্যাদি৷