শুক্ৰবাৰ, ৩০ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / মধ্য প্ৰদেশৰ ক’ভিড ৰোগীৰ থৰকাছুটি হেৰাল মধ্য অসমত

মধ্য প্ৰদেশৰ ক’ভিড ৰোগীৰ থৰকাছুটি হেৰাল মধ্য অসমত

পলায়ন কৰা কৰোনাক্ৰান্তক লৈ হাহাকাৰ

নগাঁও, ২৩ এপ্ৰিল: গুৱাহাটীৰ সোনাপুৰৰ পৰা পলায়ন কৰা এজন  ক’ভিড  আক্ৰান্ত যুৱকক লৈ আজি পুৱা নগাঁও চহৰৰ হয়বৰগাঁও অঞ্চলত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়।

চহৰখনৰ হয়বৰগাঁওস্থিত মৰিগাঁও বাছ আস্থানৰ সমীপত এজন যুৱকক সন্দেহজনক ভাৱে ঘূৰি ফুৰা ৰাইজে প্ৰত্যক্ষ কৰে। তেনেতে যুৱকজনে বাছ আস্থানৰ সমীপৰ এখন দোকানত সামগ্ৰী ক্ৰয় কৰি দোকানখনত  দিবৰ বাবে পকেটৰ পৰা ধন উলিয়াওতে  এখন কাগজ  ওলাই পৰে। আনহাতে, যুৱকজনৰ কাষতে থকা এজন লোকে কাগজখন চোৱাত সেইখন  ক’ভিড টেষ্টৰ ৰিপৰ্ট বুলি জানিব পাৰে। যুৱকজনৰ স্বাস্থ্য পৰীক্ষাৰ উক্ত ৰিপৰ্টত ‘ক’ভিড পজিটিভ’ বুলি স্পষ্ট ভাৱে উল্লেখ থকা দেখি উক্ত স্থানত থকা ৰাইজৰ মাজত হাহাকাৰ লাগে। আনহাতে, ক’ভিড আক্ৰান্ত সন্দেহজনক যুৱকজনক ৰাইজে সেই স্থানতে   আৱদ্ধ কৰি ৰাখে।

তাৰ পিছতে যুৱকজনক সোধা-পোচা কৰাত তেওঁৰ নাম দীল কুমাৰ আৰু  মধ্যপ্ৰদেশৰ বাসিন্দা বুলি জানিব পাৰে। যুৱকজনে নিজকে পেচাত এজন গাড়ীচালক বুলিও জানিবলৈ দিয়ে আৰু  তেওঁৰ দেহত ক’ভিড -১৯ ধৰা পৰাত  সোণাপুৰৰ পৰা ঘৰলৈ পলায়ণ কৰাৰ চেষ্টাত ভুলক্ৰমে নগাঁৱত উপস্থিত হোৱাৰ কথা ৰাইজৰ আগত প্ৰকাশ কৰে। আনহাতে ,ৰাইজে সোধপোচ কৰাত ২২ এপ্ৰিলত সোণাপুৰ ক’ভিড হস্পিতালত যুৱকজনৰ দেহত ক’ভিড পজিটিভ  ধৰা  পৰে বুলি জানিবলৈ দিয়ে । ইয়াৰ  পিচতে স্থানীয় ৰাইজে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসায়ত খবৰ দিয়াত স্বাস্থ্যকৰ্মীৰ এটা দলে ক’ভিড আক্ৰান্ত যুৱকজনক ১০৮ এম্বুলেঞ্চত পুনৰ চিকিৎসালয়লৈ লৈ যায়। ইতিমধ্যে ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰখা বুলি জানিব পৰা গৈছে।