বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Lifestyle  / Health  / ‘শনি’ লাগিছে মহাৰাষ্ট্ৰৰ চিকিৎসালয়ত

‘শনি’ লাগিছে মহাৰাষ্ট্ৰৰ চিকিৎসালয়ত

ক’ভিডতকৈ আন কাৰণত মৃত্যু হৈছে বেছি ৰোগীৰ

মুম্বাই, ২৩ এপ্ৰিল: মহাৰাষ্ট্ৰৰ পালঘৰৰ বিজয় বল্লভ চিকিৎসালয়ত আজি সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত আইচিইউত চিকিৎসাধীন হৈ থকা ১৩ গৰাকী ৰোগীয়ে প্ৰাণ হেৰুওৱাবলগীয়া হৈছে৷

শুক্ৰবাৰে পুৱতি নিশা সংঘটিত এই অগ্নিকাণ্ডত চাৰি মহলীয়া চিকিৎসালয়খনৰ দ্বিতীয় মহলাত জুই লাগে৷উল্লেখযোগ্য যে চিকিৎসালয়খনৰ দ্বিতীয় মহলাত আইচিইউ অৱস্থিত৷জুই নিয়ন্ত্ৰণৰ বাবে ৩ খন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী অনা হৈছিল যদিও দুৰ্ভাগ্যজনকভাৱে ৰোগী কেইগৰাকীক উদ্ধাৰ কৰিব পৰা নগ’ল৷উক্ত ঘটনাৰ পিছত  ৰোগীসকলক তাৰ পৰা আন চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হয়৷মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই ইতিমধ্যে মৃত ৰোগীৰ আত্মীয়লৈ ৫ লাখ টকাৰ সাহাৰ্য আগবঢ়াইছে৷আনহাতেে,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও ২লাখ টকাকৈ সাহাৰ্য আগবঢ়াইছে৷এক শোকবাৰ্তাত মোডীয়ে কয়“ বিজয় বল্লভৰ ঘটনাটো দুৰ্ভাগ্যজনক৷আনহাতে,ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ৰাজেশ টোপে কয় যে মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে৷উল্লেখযোগ্য যে নাচিকৰ এখন চিকিৎসালয়ত আজিৰ পৰা দুদিন আগতে অক্সিজেন চিলিণ্ডাৰৰ বিচ্যুতিৰ ফলত ২৪ জন ভেণ্টিলেছনত থকা ৰোগীয়ে প্ৰাণ হেৰুওৱাবলগীয়া হৈছিল৷বিৰোধী নেতা দেৱেন্দ্ৰ ফাৰ্ণাভিছে কয় যে দেশৰ এই জটিল পৰিস্থিতিত চিকিৎসালয়ক লৈ মহাৰাষ্ট্ৰ চৰকাৰ যিমান ছিৰিয়াছ হ’ব লাগিছিল,সিমান হোৱা নাই৷“প্ৰতিটো অগ্নিকাণ্ডৰ ঘটনাৰ পিছত এখন পুনৰীক্ষণ সভা অনুষ্ঠিত কৰা হয় যদিও চৰকাৰে বিষয়টো যিমান গুৰুত্ব সহকাৰে ল’ব লাগিছিল সিমান গুৰুত্ব সহকাৰে লোৱা নাই”- এনেদৰে কয় প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে৷আনহাতে,মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ নেতা ৰাজ থাকৰেই কয় “চৰকাৰে অগ্নিকাণ্ডৰ বিষয়টো পৰ্যবেক্ষণ কৰাৰ বাবে খুব সোনকালেই এক টীম গঠন কৰা উচিত আৰু সেই টীমেই এই সকলোবোৰ এনেধৰণৰ ঘটনা চোৱাচিতা কৰিব পাৰিব৷”