বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Top Stories  / সংগ্ৰহালয় তাকো আকৌ আমৰ

সংগ্ৰহালয় তাকো আকৌ আমৰ

প্ৰথমবাৰৰ বাবে নিৰ্মাণ হ’ব ফলৰ ৰজাৰ সংগ্ৰহালয়

লক্ষ্ণৌ, ২৩ এপ্ৰিল: মিউজিয়াম তাকো আকৌ আমৰ !হয়,লক্ষ্ণৌত খুব সোনকালেই এটা আমৰ মিউজিয়াম আৰম্ভ হ’ব৷লক্ষ্ণৌ কাকৰি উন্নয়ন খণ্ডৰ অধীনত চেণ্ট্ৰেল ইনষ্টিটিউট ফৰ চাবট্ৰপিকেল হৰ্টিকালচাৰৰ কাৰ্যালয়ত এটা আমৰ সংগ্ৰহালয় মুকলি কৰা হ’ব৷এই মিউজিয়ামত দেশত উৎপাদিত সকলোধৰণৰ আমৰ প্ৰজাতি সংগ্ৰহ কৰা হ’ব৷ইয়াত আমৰ ঔষধী গুণ,উপকাৰিতা আদিৰ সকলো তথ্য পোৱা যাব৷“মিউজিয়াম অৰ্থাৎ সংগ্ৰহালয়ত প্ৰায় ৮০০ বিধ বিভিন্ন প্ৰজাতিৰ আম অথবা ইয়াৰ আলোকচিত্ৰ থাকিব৷তদুপৰি ইয়াত প্ৰতিবিধ আমৰ সবিশেষ তথ্য সন্নিৱিষ্ট থাকিব৷ইয়াত কেৱল ভাৰতত উৎপাদিত আমেই নহয় বিশ্বৰ বিভিন্ন প্ৰান্তত উৎপাদিত আম তথা আমৰ আলোকচিত্ৰ প্ৰদৰ্শিত হ’ব”-এনেদৰে কয় বিভাগটোৰ সঞ্চালক শৈলেন্দ্ৰ ৰাজনে৷সঞ্চালকগৰাকীয়ে কয় যে তেওঁলোকৰ তাত বিভিন্ন ঋতুত উৎপাদিত আমবোৰ পোৱা যায় যদিও কিন্তু জনসাধাৰণ ইয়াৰ বিষয়ে অৱগত নহয়৷“আম বহু সময়ত এণ্টি ভাইৰেল,এণ্টি বেক্টেৰিয়েল আৰু বহু সময়ত ই মানুহৰ শৰীৰৰ ৰোগ প্ৰতিৰোধী শক্তি বৃদ্ধি কৰাত সহায় কৰে”- এনেদৰে কয় ৰাজনে৷“এই মিউজিয়ামতেই সকলো আমৰ প্ৰজাতিৰ গুণাগুণ ইয়াৰ উপকাৰিতা আদিৰ বিষয়ে সকলো তথ্য পোৱা যাব৷আম হ’ল ফলৰ ৰজা গতিকে ইয়াৰ বিষয়ে জনাটো জৰুৰী”-পুনৰ এনেদৰে মন্তব্য দিয়ে ৰাজনে৷