শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / হৰ্ছ ট্ৰেডিঙৰ প্ৰয়োজন নাই বিজেপিৰ

হৰ্ছ ট্ৰেডিঙৰ প্ৰয়োজন নাই বিজেপিৰ

ইতিমধ্যে আমাক দায়িত্ব দিছেই জনসাধাৰণে

নগাঁও, ২৩ এপ্ৰিল: কংগ্ৰেছৰ নাটক খন দেখি কংগ্ৰেছৰ প্ৰাৰ্থী সকলেই এতিয়া সন্দিহান হৈছে। অৱশ্যে দুই-এজন কংগ্ৰেছৰ প্ৰাৰ্থীয়ে কৈছে এইকেইদিন অন্তত ভালকৈ খাবলৈ পাইছোঁ ,শুবলৈ পাইছোঁ ,নগাঁৱত মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য। পীযুষে লগতে কয় ‘”হৰ্ছ ট্ৰেডিঙৰ কথাই নাহে, আমি ৮০ ওচৰে-পাজৰে আসন পাম। আকৌ আমি ৰাইজৰ সেৱা কৰিম।”  আজি নগাঁও আৱৰ্ত ভৱনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে এক বৈঠকৰ অংশগ্ৰহণ কৰিবলৈ আহি ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাই অসমত পুনৰ মিত্ৰজোঁটৰ চৰকাৰ নিশ্চিত বুলিও মন্তব্য কৰে। মধ্য অসমৰ ক’ভিড পৰিস্থিতিৰ বুজ ল’বলৈ অহা মুখ্যমন্ত্ৰীক সংগ দিয়া পীযুষ হাজৰিকাই কংগ্ৰেছৰ হৰ্ছ ট্ৰেডিঙৰ আশংকাৰ বিষয়ে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয়,“ আমাক ৰাইজে পুনৰ সেৱা কৰিবলৈ সুযোগ ইতিমধ্যেই দিছে।”অৱশ্যে এইবাৰ বিজেপিয়ে কিয় মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীৰ নাম আগতীয়াকৈ ঘোষণা নকৰিলে সেই সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত পীযুষে কয়, ” আমি বহুত সৰু কৰ্মকৰ্তা। আমাক তেনে প্ৰশ্ন নুসুধিব।”