শুক্ৰবাৰ, ৩০ জুলাই, ২০২১

NewsFile Institute
Home / Lifestyle  / Health  / অক্সিজেনৰ ওপৰত থকা কৰ ৰেহাই

অক্সিজেনৰ ওপৰত থকা কৰ ৰেহাই

আজিৰ পৰা বলবৎ হ’ব এই ৰেহাই

নতুন দিল্লী, ২৪ এপ্ৰিল: কেন্দ্ৰীয় চৰকাৰে আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ অক্সিজেন আৰু অক্সিজেনৰ যোগানৰ লগত জড়িত প্ৰতিটো সামগ্ৰীৰ ওপৰত থকা সকলো কৰ তথা কাষ্টম ডিউটি ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছে৷সমগ্ৰ দেশত ক’ভিড মহামাৰীয়ে ভয়াবহ ৰূপ  লোৱাৰ সময়ত ক’ভিড ৰোগী সকলৰ চিকিৎসাৰ বাবে অক্সিজেনৰ অভাৱ হৈছে৷অক্সিজেনৰ অভাৱত দিল্লীৰ চিকিৎসালয়ত মুঠ ২৫ জন লোকে আজি প্ৰাণ হেৰুওৱায়৷তদুপৰি দেশৰ বিভিন্ন প্ৰান্তৰ চিকিৎসালয়ত অক্সিজেনৰ নাটনি হোৱাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত চিকিৎসাধীন হৈ থকা ক’ভিড ৰোগীসকল যথেষ্ট সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে৷আনকি ক’ভিডে ভয়ংকৰ ৰূপ ধাৰণ কৰা  দেশৰ ১০ খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক বাৰ্তালাপত মিলিত হৈছিল আৰু এই বৈঠকতেই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে প্ৰধানমন্ত্ৰীগৰাকীক অক্সিজেন নাটনিৰ সমস্যাৰ বিষয়ে জনাইছিল৷ইয়াৰ পিছতেই আজি কেন্দ্ৰীয় চৰকাৰে অক্সিজেনৰ ওপৰত থকা সকলো কৰ ৰেহাইৰ কথা ঘোষণা কৰে৷