বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Neighbours  / Nepal  / এভাৰেষ্টত উঠিবলৈ লাগিব ক’ভিড টেষ্ট

এভাৰেষ্টত উঠিবলৈ লাগিব ক’ভিড টেষ্ট

পৰ্বতাৰোহীলৈ নতুন নিয়ম

কাঠমাণ্ডু, ২৩এপ্ৰিল:নেপাল চৰকাৰে পৃথিৱীৰ সৰ্বোচ্চ শৃংগ এভাৰেষ্টত আৰোহণ কৰিবলগীয়া পৰ্বতাৰোহীৰ ক্ষেত্ৰত কিছু বাধ্যবাধকতা আৰোপ কৰিছে৷শৃংগটোত যাতে অযথা ভিৰ নহয় সেয়ে নেপাল চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে৷এতিয়াৰ পৰা এভাৰেষ্ট শৃংগত আৰোহণ কৰিবলৈ হ’লে “প্ৰথম অহা জনক প্ৰথমতেই সুবিধা প্ৰদানৰ ব্যৱস্থা” কৰা হ’ব বুলি ঘোষণা কৰিছে৷এবাৰত ১৭০ জন পৰ্বতাৰোহীয়ে বতৰ চাই শৃংগত আৰোহণ কৰিব পাৰিব৷২০১৯ চনত ৬৪৪ জন পৰ্বতাৰোহীয়ে এভাৰেষ্ট শৃংগত আৰোহণ কৰিছিল  আৰু ইয়াৰে ২৮০ গৰাকী আছিল বিদেশী পৰ্বতাৰোহী৷নেপাল পৰ্যটনৰ পৰ্বতাৰোহী শাখাৰ প্ৰবন্ধক মীৰা আচাৰ্যই কয় যে এই নিয়মবোৰ কেৱল পৰ্বতাৰোহী সকলৰ সমস্যা নহ’বৰ বাবেহে গ্ৰহণ কৰা হৈছে৷গুৰুত্বপূৰ্ণ বিষয়টো হ’ল যে যিকোনো এজন পৰ্বতাৰোহীয়ে এটা শৃংগ আৰোহণ কৰি আন এটা আৰোহণ কৰিবলৈ হ’লে ক’ভিড ৰিপৰ্ট নিগেটিভ হোৱাতো বাধ্যতামূলক৷