মঙ্গলবাৰ, ৩ আগস্ট, ২০২১

NewsFile Institute
Home / Lifestyle  / Health  / ক’ভিডৰ ক্ষেত্ৰত কঠোৰ ন্যায়ালয়

ক’ভিডৰ ক্ষেত্ৰত কঠোৰ ন্যায়ালয়

আজিৰ পৰা বলবৎ হ’ব এই ৰেহাই

নতুন দিল্লী, ২৪ এপ্ৰিল: ক’ভিডৰ ব্যাপক সংক্ৰমণৰ বিষয়টোলৈ লক্ষ্য কৰি দিল্লী উচ্চ ন্যায়ালয়ে আজি ক’ভিড সম্পৰ্কত কয় যে এইয়া ক’ভিডৰ ‘ঢৌ’ নহয় এইয়া এক ‘ছুনামি’হে৷দিল্লী উচ্চ ন্যায়ালয়ে লগতে এই কথাও স্পষ্ট কৰি দিছে যে অক্সিজেন কঢ়িওৱা বিষয়ত যদি কোনো চৰকাৰী জিলা পৰ্যায়ৰ বিষয়া,ৰাজ্যিক পৰ্যায়ৰ বিষয়া অথবা কেন্দ্ৰীয় বিষয়াই বাধা প্ৰদান  কৰে তেন্তে তেনে বিষয়াৰ ক্ষেত্ৰত ন্যায়ালয় কঠোৰ হ’ব আৰু তেওঁক ফাঁচীৰ দৰে চৰম শাস্তি প্ৰদান কৰা হ’ব৷উচ্চ ন্যায়ালয়ে আনকি দিল্লী চৰকাৰক অক্সিজেন যোগানৰ ক্ষেত্ৰত বাধা প্ৰদান কৰা লোকৰ নাম ৰাজহুৱা কৰিবলৈ আহ্বান জনায় আৰু কয় “কোন বিষয়াৰ গাফিলতিৰ বাবে সময়মতে অক্সিজেন যোগান ধৰিব পৰা নাই ,সেই বিষয়টো ৰাজহুৱা কৰক,আদালতে ফাঁচীৰ দৰে কঠোৰ শাস্তি বিহিবলৈ প্ৰস্তুত৷”দিল্লী উচ্চ ন্যায়ালয়ে আনকি ৪৮০ টন অক্সিজেন দিল্লীত যোগান ধৰাৰ বিষয়টো সম্পৰ্কটো প্ৰশ্ন কৰে৷দিল্লী উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে কয় “ আপোনালোকে দিল্লীলৈ প্ৰতি দিনেই ৪৮০ মেট্ৰিক টন অক্সিজেন আহিব বুলি কৈছিল কিন্তু এতিয়ালৈকে সেইয়া অহা নাই আৰু কেতিয়া আহিব সেইয়া স্পষ্ট কৰক !”বিগত ২৪ ঘণ্টাত দেশত মুঠ  ক’ভিড আক্ৰান্তৰ সংখ্যা ৩,৪৬,৭৮৬ জন হৈছেগৈ৷বৰ্তমান দেশত ১.৬৬ কোটি লোক ক’ভিডত আক্ৰান্ত হৈছে৷