শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Lifestyle  / Health  / জলপথতো কৰ ৰেহাইৰ নিৰ্দেশ

জলপথতো কৰ ৰেহাইৰ নিৰ্দেশ

অক্সিজেনৰ যোগান নিয়মীয়া কৰাৰ প্ৰয়াস

নতুন দিল্লী, ২৫ এপ্ৰিল: দেশৰ সকলো সাগৰৰ বন্দৰক জাহাজত কঢ়িওৱা সামগ্ৰী সমূহৰ ওপৰত থকা কৰ ৰেহাই দিবলৈ নিৰ্দেশ দিয়ে কেন্দ্ৰীয় চৰকাৰে৷অক্সিজেন টেংক,অক্সিজেন বটল,পৰ্টেবল অক্সিজেন জেনেৰেটৰ কঢ়িওৱা জাহাজবোৰৰ সকলো কৰ ৰেহাইৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে চৰকাৰে৷দেশত অক্সিজেনৰ সংকট অস্বাভাৱিক হাৰত বৃদ্ধি পোৱাৰ ফলত বহুত কৰ’না ৰোগীয়ে মৃত্যুক সাৱটিবলগীয়া হৈছে৷দিল্লীত কালি অক্সিজেনৰ অভাৱত মুঠ ২০ জন ৰোগীয়ে মৃত্যুক সাৱটিব লগীয়া হয়৷কৰ্ণাটকৰ ৰাজধানী বাংগালোৰতো একে পৰিস্থিতি৷মুখ্যমন্ত্ৰী য়াদুৰাপ্পাই নিজৰ অসহায় অৱস্থাৰ কথা জনাই পত্ৰ প্ৰেৰণ কৰিছে কেন্দ্ৰলৈ৷আনহাতে,দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দেশৰ প্ৰতিখন ৰাজ্যলৈ অক্সিজেন বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে৷এনে সময়তে উপায়হীন হৈ কেন্দ্ৰীয় চৰকাৰে জলপথৰ জৰিয়তে অহা অক্সিজেন কঢ়িওৱা জাহাজৰ কৰ ৰেহাইৰ বিষয়টোৱে দেশবাসীক যথেষ্ট সকাহ দিব বুলি আশা কৰা হৈছে৷

দেশৰ সকলো সাগৰৰ বন্দৰক জাহাজত কঢ়িওৱা সামগ্ৰী সমূহৰ ওপৰত থকা কৰ ৰেহাই দিবলৈ নিৰ্দেশ দিয়ে কেন্দ্ৰীয় চৰকাৰে৷অক্সিজেন টেংক,অক্সিজেন বটল,পৰ্টেবল অক্সিজেন জেনেৰেটৰ কঢ়িওৱা জাহাজবোৰৰ সকলো কৰ ৰেহাইৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে চৰকাৰে৷দেশত অক্সিজেনৰ সংকট অস্বাভাৱিক হাৰত বৃদ্ধি পোৱাৰ ফলত বহুত কৰ’না ৰোগীয়ে মৃত্যুক সাৱটিবলগীয়া হৈছে৷দিল্লীত কালি অক্সিজেনৰ অভাৱত মুঠ ২০ জন ৰোগীয়ে মৃত্যুক সাৱটিব লগীয়া হয়৷কৰ্ণাটকৰ ৰাজধানী বাংগালোৰতো একে পৰিস্থিতি৷মুখ্যমন্ত্ৰী য়াদুৰাপ্পাই নিজৰ অসহায় অৱস্থাৰ কথা জনাই পত্ৰ প্ৰেৰণ কৰিছে কেন্দ্ৰলৈ৷আনহাতে,দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দেশৰ প্ৰতিখন ৰাজ্যলৈ অক্সিজেন বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে৷এনে সময়তে উপায়হীন হৈ কেন্দ্ৰীয় চৰকাৰে জলপথৰ জৰিয়তে অহা অক্সিজেন কঢ়িওৱা জাহাজৰ কৰ ৰেহাইৰ বিষয়টোৱে দেশবাসীক যথেষ্ট সকাহ দিব বুলি আশা কৰা হৈছে৷