শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / বন্ধু যেতিয়া শত্ৰু হয়…

বন্ধু যেতিয়া শত্ৰু হয়…

মাত্ৰ কেইটামান টকাৰ বাবেই হত্যা কৰিলে ঘনিষ্ঠ বন্ধুক

পুৰণিগুডাম, ২৪ এপ্ৰিল: মাথো কেইটামান টকাৰ বাবেই একেখন গাঁৱৰে এজন অমায়িক যুৱকক নৃশংস ভাৱে হত্যা কৰিছিল কেশৱ গায়ন নামৰ এজন যুৱকে। কেৱল হত্যা কৰিয়েই ক্ষান্ত থকা নাছিল, হত্যাৰ পিছত বন্ধুৰ শৰীৰৰ কেইবা টুকুৰা কৰি বস্তাত ভৰাই অচিন ঠাইত পেলাই দিছিল নৱজ্যোতিয়ে। এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে নগাঁৱৰ পুৰণিগুদামত।

যোৱা ৫মাৰ্চত নগাঁৱৰ পুৰণিগুদামৰ নৱজ্যোতি গায়ন নামৰ এজন যুৱকে ছুইফট ডিজায়াৰ গাড়ী লৈ যোৱাৰ পিছতেই নিৰুদ্দেশ হৈছিল। এদিন পিছতেই নৱজ্যোতিৰ ছিন্ন-বিছিন্ন মৃতদেহ অসম-নাগালেণ্ড সীমান্তৰ বোকাজানৰ ৰেল লাইনত উদ্ধাৰ হৈছিল। এই ঘটনাৰ পিছতেই সমগ্ৰ পুৰণিগুদাম অঞ্চলৰ ৰাইজ শোকস্তব্ধ হৈ পৰিছিল। গাড়ী চলাই জীৱিকা নিৰ্বাহ কৰা নৱজ্যোতি অঞ্চলটোৰ ৰাইজৰ মাজত এগৰাকী অমায়িক যুৱক হিচাপে পৰিচিত আছিল। কিন্তু নৱজ্যোতিৰ এনে নৃশংস হত্যাকাণ্ডই সমগ্ৰ পুৰণিগুদাম বাসীৰ মনতে প্ৰশ্নৰ সৃষ্টি কৰিছিল।

কোনে কিয় ইমান নৃশংস ভাৱে নৱজ্যোতিক হত্যা কৰিলে তাক লৈ সকলো ক্ষোভিত হৈ পৰিছিল। সকলোৰে দাবী আছিল নৱজ্যোতিৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি মৃত্যুদণ্ডৰে দণ্ডিত কৰিব লাগে। অৱশেষত কালি নিশা কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসৰ নেতৃত্বত অভিযান চলাই গ্ৰেপ্তাৰ কৰিলে নৱজ্যোতিৰ হত্যাত জড়িত তিনিটা অভিযুক্ত ক্ৰমে কেশৱ গায়ন,দিপাংকৰ কোঁচ আৰু মিন্টু বৰাক।। উল্লেখযোগ্য যে প্ৰায় ১৫বছৰে গাড়ী চলাই জীৱিকা নিৰ্বাহ কৰা নৱজ্যোতি এগৰাকী অতি সচেতন যুৱক আছিল। ডিমাপুৰলৈ গাড়ী ভাড়া নিয়াৰ চলেৰে বহু চালকক গাড়ী চুৰি চক্ৰই হত্যা কৰাৰ বহু ঘটনা পূৰ্বতে সংঘটিত হোৱাৰ বাবেই নৱজ্যোতিয়ে সাধাৰণতে অচিনাকী ব্যক্তিৰ সৈতে ভাড়া ঠিক কৰাৰ ক্ষেত্ৰত অতি সাৱধান আছিল।

সেয়ে গাঁৱৰ ওচৰ-চুবুৰীয়া কেশৱ গায়নে নৱজ্যোতিৰ ছুইফট ডিজায়াৰ গাড়ী খন ভাড়াত বিচৰাত নৱজ্যোতিয়ে বিনাদ্বাধাই মান্তি হৈছিল। কিন্তু নৱজ্যোতিয়ে কল্পনাও কৰা নাছিল যে কেইটামান টকাৰ বাবেই ওচৰ-চুবুৰীয়া বন্ধুৱেই নৃশংস ভাৱে তেওঁক হত্যা কৰিব পাৰে।জানিব পৰা মতে,  শোণিতপুৰ জিলাৰ চাৰিদুৱাৰৰ অৱসৰপ্ৰাপ্ত এছএছবিৰ জোৱান দিপাংকৰ কোঁচেই ৰছিচিল নৱজ্যোতিৰ হত্যাৰ ব্লুপিণ্ট। দিপাংকৰৰ সুসস্পৰ্ক আছিল চামগুৰিৰ গাড়ীচালক মিণ্টু বৰাৰ সৈতে। মিণ্টু বৰাৰ সম্বন্ধীয় তথা নৱজ্যোতিৰ ওচৰ-চুবুৰীয়া কেশৱ গায়নে গাড়ী ভাড়ালৈ নি চুৰি কৰা কাৰ্যত সহায় কৰিছিল মিণ্টুক। মিণ্টুয়ে দিপাংকৰৰ সহায়ত চুৰি গাড়ী বিক্ৰী কৰিছিল ডিমাপুৰত। এইদৰেই এই তিনি পাষণ্ডই চলাই গৈছিল কুকাৰ্য। ইতিমধ্যে তিনিওকে চামগুৰি আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৬৫নং ধাৰাত ৰুজু হৈ থকা ৮৮/২০২১নম্বৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে। আনহাতে, এই ঘটনাত জড়িত অপৰাধীক কৰায়ত্ত কৰাৰ ক্ষেত্ৰত বিশেষ ভাৱে সহায় কৰা বোকাজানৰ মহকুমা আৰক্ষী বিষয়া জন দাসকো সংবাদ মাধ্যমৰ জৰিয়তে কৃতজ্ঞতা জনালে মৃত নৱজ্যোতিৰ পৰিয়ালে।উল্লেখ্য, নৱজ্যোতিৰ নৃশংস হত্যাকাণ্ডৰ পিচতো ক্ষান্ত হোৱা নাছিল এই তিনি অপৰাধী। শেহতীয়া ভাৱে নগাঁৱৰ আৰু ৪জন চালকক হত্যাৰ ষড়যন্ত্ৰ কৰিছিল এই তিনি পাষণ্ডই। ইয়াৰে কেইবাগৰাকীও চালকে আৰক্ষীৰ লগত যোগাযোগ কৰাত উদঘাটন হ’ল নৱজ্যোতিৰ হত্যাৰ ৰহস্য। এতিয়া পুৰণিগুদামৰ ৰাইজে তিনিওকে চৰম শাস্তি বিহাৰ বাবে মহামান্য আদালতক অনুৰোধ জনাইছে।