বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / মহাজোঁটৰো ‘মহাচিন্তা’ ক’ভিডক লৈ

মহাজোঁটৰো ‘মহাচিন্তা’ ক’ভিডক লৈ

দিচাঙত চিন্তন বৈঠক

গুৱাহাটী, ২৪ এপ্রিল : সোণাপুৰৰ দিচাং ৰিজ’ৰ্টৰ সভাকক্ষত কংগ্ৰেছ আৰু মহাজোঁটৰ অংশীদাৰ কেইবাটাও ৰাজনৈতিক দলৰ নেতৃবৃন্দৰ এক চিন্তন বৈঠকত ৰাজ্যখনৰ শেহতীয়া ক’ভিড পৰিস্থিতি সম্পৰ্কে বিস্তৃত ভাৱে আলোচনা কৰা হয়। ইয়াৰ উপৰি বি জে পি নেতৃত্বাধীন চৰকাৰখনৰ শাসনকালত উদংপ্ৰায় কৰি যোৱা ৰাজ্যৰ শোচনীয় বিত্তীয় পৰিস্থিতি আৰু ক’ভিডৰ পটভূমিত শিক্ষাখণ্ডত সৃষ্টি হোৱা অচলাৱস্থাৰ বিষয়েও বিশদভাৱে পৰ্যালোচনা কৰা হয়। বৈঠকত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থী সকলৰ উপৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি শ্ৰীৰিপুণ বৰা, আঞ্চলিক গণ মৰ্চাৰ সভাপতি তথা সাংসদ শ্ৰীঅজিত কুমাৰ ভূঞা, বিৰোধী দলপতি শ্ৰীদেৱব্ৰত শইকীয়া, বিৰোধীৰ উপ-দলপতি শ্ৰীৰকিবুল হুছেইন, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদকদ্বয় ক্ৰমে শ্ৰীভূপেন বৰা আৰু শ্ৰীৰাণা গোস্বামী, আদিবাসী নেচনেল পাৰ্টীৰ নেতা শ্ৰী বীৰেন মিৰ্ধা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট নেতাই উল্লিখিত বিষয়বোৰৰ ওপৰত নিজৰ নিজৰ পৰ্যালোচনা দাঙি ধৰে। বৈঠকে সমূহ অসমবাসীক ক’ভিড সৃষ্ট পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ আৰু সম্পূৰ্ণ সাৱধানতা অৱলম্বন কৰি নিজৰ নিজৰ কাম-কাজ সম্পন্ন কৰিবলৈ আহ্বান জনায়। কোনো কাৰণতে ভীতিবিহ্বল নহৈ সাহসেৰে সকলো ধৰণৰ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ৰাইজৰ প্ৰতি বৈঠকে বিনম্ৰ আবেদন জনাইছে।লগতে মহাজোঁটৰ অংশীদাৰ দল সমূহৰ কৰ্মীসকলক সম্ভৱস্থলত আৰ্তজনক সকলোপ্ৰকাৰৰ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনোৱা হৈছে৷