শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / ৰহাত কণ্টেইনমেণ্ট জ’ন

ৰহাত কণ্টেইনমেণ্ট জ’ন

সাপ্তাহিক বজাৰতো নিষেধাজ্ঞা

ৰহা, ২৩ এপ্ৰিল: নগাওঁ জিলা প্ৰশাসনে শুকুৰবাৰে জিলা খনৰ দুখন গাঁৱক কন্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে। এই কন্টেইনমেন্ট জ’নৰ গাওঁসমূহ হল ৰহা ৰাজহ চক্ৰৰ অন্তৰ্গত পহুপুৰি খাইটি গাঁও আৰু দীঘলধাৰী গাঁও। উল্লেখযোগ্য যে, উক্ত গাঁওখনৰ ৫ জন ব্যক্তি বৰ্হি ৰাজ্যৰ পৰা উভতি অহাৰ পাছত স্বাস্থ্য বিভাগৰ সহযোগত ক’ভিড পৰীক্ষা কৰা হয়। লগতে বিগত দুটা দিনত এই ব্যক্তিকেইজনৰ সংস্পৰ্শলৈ অহা গাঁওখনৰ ব্যক্তিক ক’ভিড পৰীক্ষা কৰা হয়। অঞ্চলটোৰ সৰহ সংখ্যাক ব্যক্তিক ক’ভিড পৰীক্ষাৰ অন্তত আজি পৰ্যন্ত মুঠ ২৬ গৰাকী ব্যক্তিৰ দেহত ক’ভিড ১৯ ৰ উপস্থিতি ধৰা পৰে। সেয়েহে, উক্ত অঞ্চলত ক’ভিড ১৯ ৰ বীজাণু সংক্ৰমিত হ’ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি নগাওঁ জিলাৰ উপায়ুক্তই ১৫ টা পৰিয়ালৰ ২৬ জন ব্যক্তিৰ ঘৰ সমূহ কনটেইনমেণ্ট হ’ম হিচাপে এক নিৰ্দেশ জাৰি কৰে।উল্লেখযোগ্য যে উক্ত সময়ছোৱাত ঘৰ খনৰ কোনো ব্যক্তি বা সমাজৰ আন ব্যক্তি কনটেইনমেণ্ট হ’ম লৈ অহা যোৱা কৰিব নোৱাৰিব।নগাঁও জিলা প্ৰশাসনে পুনৰ এক নিৰ্দেশ যোগে অধিক সংক্ৰমণ ৰোধৰ বাবে  ২৪ এপ্ৰিলত হ’বলগীয়া উক্ত এলেকাৰ নিকটৱৰ্তী ফুলগুৰি সাপ্তাহিক বজাৰো বন্ধ ঘোষণা কৰিছে।