বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ৰামান্না দেশৰ নতুন ন্যায়াধীশ

ৰামান্না দেশৰ নতুন ন্যায়াধীশ

ন্যায় ব্যৱস্থাক সহজলভ্য কৰাৰ লক্ষ্য

নতুন দিল্লী, ২৪ এপ্ৰিল: দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে আজি ন্যায়াধীশ এন.ভি .ৰামান্নাক উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰিছে৷ অন্ধ্ৰ প্ৰদেশৰ কৃষ্ণা জিলাত জন্মগ্ৰহণ কৰা ৰামান্নাৰ পিতৃ আছিল এজন কৃষক৷ৰামান্না  এগৰাকী কৃষক,শ্ৰমিক ,সাংবাদিক আৰু প্ৰথম প্ৰজন্মৰ অধিবক্তা৷অন্ধ্ৰপ্ৰদেশৰ অতিৰিক্ত এডভকেট জেনেৰেল হিচাপে তেওঁ কৰ্মৰত আছিল৷দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপেও কৰ্মৰত আছিল ৰামান্না৷ৰামান্নাই আজি শপত গ্ৰহণ কৰি কয় যে তেওঁৰ লক্ষ্য হ’ল এই ন্যায় ব্যৱস্থাটো সকলোৰে বাবে সহজলভ্য কৰি তোলাটো৷নেশ্যনেল লীগেল চাৰ্ভিছ অথৰিটিৰ  অতিৰিক্ত অধ্যক্ষৰ দায়িত্বতো আছিল ৰামান্না৷