বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ভেকচিনৰ নামত ব্যৱসায়!

ভেকচিনৰ নামত ব্যৱসায়!

ভেকচিনৰ দামত বৈষম্য

নতুন দিল্লী, ২৫ এপ্ৰিল: আজি কংগ্ৰেছ দলৰ নেতা ৰণদীপ সূৰ্যৱালাই মোডী চৰকাৰক একেটা ভেকচিনৰ মূল্য পৃথক হোৱাৰ বাবে  কঠোৰ ভাষাৰে সমালোচনা কৰিছে৷“ভেকচিন প্ৰস্তুত কৰা আৰু ভেকচিন প্ৰদান কৰাটো কোনো পাবলিচিটি বিচৰা কাম অথবা উৎসৱ নহয়৷কৰ’না প্ৰতিষেধক প্ৰদান কৰাটো  জনসাধাৰণৰ প্ৰতি চৰকাৰৰ দায়িত্ব কিন্তু তাক ব্যৱসায়ৰ উৎস বুলি ভাবিলে ভুল হ’ব”-এনেদৰে কয় সূৰ্যৱালাই৷ভাৰতত ক’ভিড প্ৰতিষেধক প্ৰস্তুত কৰা দুয়োটা কোম্পানীয়ে ইয়াৰ দ্বাৰা প্ৰস্তুত কৰা প্ৰতিষেধকৰ দাম পৃথক কৰিছে৷তদুপৰি কেন্দ্ৰীয় চৰকাৰে নিজৰ ইচ্ছা মতে বঢ়োৱা বিষয়টোৱে বৈষম্যৰ সৃষ্টি কৰিছে বুলি দোহাৰে সূৰ্যৱালাই৷উল্লেখযোগ্য যে ছিৰাম ইনষ্টিটিউটৰ ক’ভিশ্বিল্ডৰ মূল্য কেন্দ্ৰীয় চৰকাৰৰ ক্ষেত্ৰত প্ৰতি ড’জত ১৫০ টকা,ৰাজ্য চৰকাৰক ৪০০ টকা আৰু ব্যক্তিগত চিকিৎসালয়ত ৬০ টকা ৷আনহাতে ,ভাৰত বায়’টেকৰ কভাক্সিনৰ মূল্য কেন্দ্ৰীয় চৰকাৰৰ ক্ষেত্ৰত ১৫০ টকা,ৰাজ্য চৰকাৰৰ ক্ষেত্ৰত ৬০০ টকা আৰু ব্যক্তিগত চিকিৎসালয়ৰ ক্ষেত্ৰত ১২৯৯ টকা৷
“ আমাৰ দেশত ৪৫ বছৰ বয়সৰ লোকৰ জনসংখ্যা ১০১কোটি আৰু যিহেতু দুটাকৈ ভেকচিন দিব লাগিব গতিকে ২০২ কোটি ভেকচিনৰ প্ৰয়োজন হ’ব৷এই সমগ্ৰ ব্যয় ৰাজ্য চৰকাৰ অথবা ব্যক্তিজনে নিজে বহন কৰিব লাগিব”-এনেদৰে কয় সূৰ্যৱালাই৷