শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / অসমত আৰম্ভ হ’ল নৈশ সান্ধ্য আইন

অসমত আৰম্ভ হ’ল নৈশ সান্ধ্য আইন

ক’ভিডৰ ভয়াবহতাৰ বাবেই এই সিন্ধান্ত

গুৱাহাটী, ২৭ এপ্ৰিল: অসমত ক্ৰমশঃ বৃদ্ধি পোৱা কৰ’না সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ নৈশ সান্ধ্যআইন জাৰি কৰিছে৷নিশা ৮ বজাৰ পৰা পুৱা ৫ বজালৈ এই নৈশ সান্ধ্য আইন বলবৎ থাকিব আৰু অহা ১ মে’লৈ ই কাৰ্যকৰী হ’ব৷ অত্যাৱশ্যকীয় তথা জৰুৰী সেৱাৰ লোকৰ ক্ষেত্ৰত অৱশ্যে ৰেহাই দিয়া হ’ব৷ইয়াৰ আগতে সকলো ব্যৱসায়িক প্ৰতিষ্ঠানক সন্ধিয়া ৬ বজাত বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছিল৷উল্লেখযোগ্য যে সোমবাৰে ৰাজ্যখনত মুঠ ১৫ জন লোকে ক’ভিডত প্ৰাণ হেৰুৱাইছে৷অসমত বৰ্তমান মুঠ ১৭,৭৬৪ গৰাকী ক’ভিড ৰোগী আছে৷ন্যায় ব্যৱস্থাৰ লগত জড়িত ব্যক্তি,সাংবাদিক,স্বাস্থ্য বিভাগৰ লগত জড়িত ব্যক্তি,ৰুগীয়া,গৰ্ভৱতী মহিলা,বিদেশী ৰাষ্ট্ৰদূত আদিক ইয়াৰ পৰা ৰেহাই দিয়া হৈছে৷ৰাজ্যৰ ভিতৰত নিশাৰ ভাগত জৰুৰী সেৱাৰ লগত জড়িত লোকৰ অহা- যোৱাৰ অনুমতি থাকিব৷বেংক,বিত্তীয় সেৱা,এটিএম সেৱা,ইণ্টাৰনেট,আইটি,পেট্ৰল পাম্প,গেছ এজেন্সিত নিয়োজিত লোকৰ বাবেও এই সময়চোৱাত বিশেষ ৰেহাইৰ ব্যৱস্থা আছে৷