সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Top Stories  / ক’ভিডৰ সংহাৰ ৰূপ নগাঁৱত

ক’ভিডৰ সংহাৰ ৰূপ নগাঁৱত

আক্ৰান্তৰ সংখ্যা- ৮৯৩ লৈ বদ্ধি

নগাঁও, ২৬ এপ্ৰিল: নগাঁও জিলাত কভিড-১৯ এ ভয়াবহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে ক’ভিড-১৯ৰ নিয়ন্ত্ৰণ তথা প্ৰতিৰোধ কৰাৰ বাবে গ্ৰহণ কৰা নীতি নিৰ্দেশনা ৰূপায়ন কৰাৰ পাছতো নগাঁও জিলাত ক’ভিড আক্ৰান্তৰ সংখ্যা এহেজাৰ স্পৰ্শ কৰিবলৈ বেছি সময়ৰ প্ৰয়োজন নহ’ব।

যোৱা ১ এপ্ৰিলৰ পৰা আজি পৰ্যন্ত নগাঁও জিলাত স্বাস্থ্য বিভাগে চলোৱা ক’ভিড পৰীক্ষাৰ  ৮৯৩ গৰাকী লোকৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰাত নগাঁও জিলা স্বাস্থ্য বিভাগৰ লগতে সৰ্বসাধাৰণ ৰাইজৰ মাজত ত্ৰাসৰ সৃষ্টি হৈছে।মহামাৰী ক’ভিড-১৯ ৰ দ্বিতীয়টো লহৰে গুৱাহাটী মহানগৰীৰ সমান্তৰালকৈ নগাঁও জিলাত ক্ৰমান্বয়ে ভয়াবহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। দৈনিক জিলাখনৰ বিভিন্ন প্ৰান্তত ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত স্বয়ং স্বাস্থ্য বিভাগ উদ্বিগ্ন হৈ পৰিছে। নগাঁৱৰ আতংকিত প্ৰতিগৰাকী নাগৰিকে নিজৰ লগতে পৰিয়ালবৰ্গৰ ভৱিষ্যতৰ বাবে উদ্বিগ্ন হৈ পৰা পৰিলক্ষিত হৈছে। আজিও জিলাখনত ১০৬ গৰাকী লোক এই ক’ভিড-১৯ত নতুনকৈ আক্ৰান্ত হোৱাৰ তথ্য জিলা খনৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে।

আজি জিলাখনৰ বিভিন্ন প্ৰান্তত স্বাস্থ্য বিভাগে ৩৭০৮ গৰাকী লোকৰ RAT টে’ষ্ট আৰু ৮১ গৰাকী আৰ টি পি চি আৰ টেষ্ট কৰা হয়। ইয়াৰ ভিতৰত ১০৬ গৰাকী লোক ক’ভিডত আক্ৰান্ত হোৱাতো নিশ্চিত হয়। ইয়াৰে ১০৬ গৰাকী লোক RAT টে’ষ্টৰ জৰিয়তে  ক’ভিড-১৯ত আক্ৰান্ত হোৱাটো নিশ্চিত হৈছে। আক্ৰান্ত সকলৰ ভিতৰত ৩ গৰাকীক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড হস্পিটেলত চিকিৎসাধীন কৰা হৈছে।আন ১০৩ জনক নিজ নিজ গৃহতে আছুতীয়াভাৱে পৰ্যবেক্ষণত ৰখাৰ ব্যৱস্থা কৰিছে। আজি  চিকিৎসাধীন হৈ থকা ৯ গৰাকী আৰু নিজ গৃহত আছুতীয়া হৈ থকা ৬১ গৰাকী লোক সুস্থ হৈ উঠিছে বুলি স্বাস্থ্য বিভাগৰ সুত্ৰই জানিবলৈ দিছে।  আজিলৈকে জিলাখনত কভিড-১৯ ৰ দ্বিতীয় লহৰত ৮৯৩ গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছে যদিও আজিৰ তাৰিখত নগাঁও জিলাত ৫৫২ গৰাকী লোক ক’ভিড-১৯ত সক্ৰিয় ভাৱে আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। ইফালে, জিলাখনৰ চামগুৰি ৰাজহ চক্ৰৰ অধীনৰ চামগুৰি ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বৰদল মিকিৰ গাঁৱৰ‌ নিবাসী বিমল হেৰে নামৰ ৫২ বছৰীয়া লোক গৰাকী কালি দুপৰীয়া নিজ গৃহতে ক’ভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰে বুলি স্বাস্থ্য বিভাগৰ সূত্ৰই আজি নগাঁৱত প্ৰকাশ কৰিছে।