মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / নগাঁৱত ভেকচিন কেন্দ্ৰত অভাৱনীয় ভিৰ

নগাঁৱত ভেকচিন কেন্দ্ৰত অভাৱনীয় ভিৰ

লক্ষ্যাধিক লোকে ল’লে ভেকচিন

নগাঁও, ২৭ এপ্ৰিল: নগাঁও জিলাত ক’ভিড ভেকচিন প্ৰদান কাৰ্যসূচী অব্যাহত আছে। নগাঁও জিলাত আজি কেইবাদিনো ধৰি ক’ভিড ভেকচিন প্ৰদান কাৰ্যসূচী দ্ৰুত গতিত চলি আছে। ভেকচিন প্ৰদান কৰা কেন্দ্ৰ সমূহত ভেকচিন ল’বলৈ ৪৫ বছৰৰ ওপৰৰ ব্যক্তি সকলে অভাৱনীয় ভিৰ কৰা পৰিলক্ষিত হৈছে।

১৬ জানুৱাৰীৰ পৰা সমগ্ৰ দেশৰ লগতে নগাঁও জিলাতো ক’ভিডৰ ভেকচিন প্ৰদান কাৰ্যসূচী আৰম্ভ কৰা হয়। প্ৰথম অৱস্থাত ভেকচিন ল’বলৈ জিলাখনৰ লোকসকলে বিশেষ আগ্ৰহ প্ৰকাশ কৰা নাছিল। শেহতীয়াভাৱে সমগ্ৰ দেশৰ লগতে অসমতো ক’ভিডৰ দ্বিতীয় লহৰৰ প্ৰকোপ বৃদ্ধি পোৱাত নগাঁও জিলাৰ জনসাধাৰণ শংকিত হৈ পৰিছে। যাৰ বাবে এতিয়া  ৪৫ ৰ উৰ্দ্ধৰ লোক সকলে ক’ভিড ভেকচিন ল’বলৈ অধিক আগ্ৰহী হৈ পৰা পৰিলক্ষিত হৈছে। প্ৰতিদিনেই পুৱা ৬ বজাৰ আগতে ভেকচিন প্ৰদান কৰা কেন্দ্ৰ সমূহত শ শ লোকে ভিৰ কৰেহি। এই ভেকচিন প্ৰদান কৰা কেন্দ্ৰ সমূহত প্ৰতিদিনে এক নিৰ্দিষ্ট সংখ্যক ভেকচিন প্ৰদান কৰাৰ বাবে বহু লোক বিফল মনোৰথেৰে উভতি যাব লগা হয়। নগাঁও জিলা‌ প্ৰতিষেধক বিষয়া ডা° জে.কে দাসে সংবাদ মাধ্যমৰ আগত জনোৱা মতে আজিলৈকে নগাঁও জিলাত ১লাখ ২০ হাজাৰৰো অধিক লোকক ভেকচিন প্ৰদান কৰা হৈছে। জিলা খনত ৩৯ টা প্ৰতিষেধক প্ৰদান কেন্দ্ৰত এই ভেকচিন প্ৰদান কৰা হৈছে। এই কেন্দ্ৰ সমূহত প্ৰখৰ ৰ’দকো আওকাণ কৰি ভেকচিন ল’বলৈ অভাৱনীয় ভিৰ কৰিছে জনসাধাৰণে। সকলোৰে এটাই আশা ক’ভিডৰ দ্বিতীয় লহৰৰ সংক্ৰমণৰ পৰা ৰক্ষা পোৱাটো। সেয়ে ৪৫ বছৰৰ উৰ্দ্ধৰ সকলোৱে আগবাঢ়ি আহিছে ভেকচিন ল’বলৈ। জিলাখনৰ ভেকচিন প্ৰদান কৰা কেন্দ্ৰ সমূহত ৰাইজৰ অভাৱনীয় ভিৰ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ভেকচিন প্ৰদান কৰা কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰিবলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, নগাঁও নগৰ সমিতিয়ে নগাঁও জিলা প্ৰশাসনক দাবী জনাইছে। ইপিনে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে ১ মে’ৰ পৰা ১৮ বছৰৰ ওপৰৰ লোক সকলক ভেকচিন প্ৰদান কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰাত জিলাখনৰ ১৮ বছৰৰ বয়সৰ ওপৰৰ যুৱক যুৱতী, ছাত্ৰ-ছাত্ৰীকে আৰম্ভ কৰি সকলোৱে এতিয়া ১মে’ দিনটোলৈ অধিক আগ্ৰহৰে অপেক্ষা কৰি আছে।