বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Top Stories  / নগাঁৱত মহিলা সংগঠনসহ কাৰ্বি ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ

নগাঁৱত মহিলা সংগঠনসহ কাৰ্বি ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ

নগাঁৱত মহিলা সংগঠনসহ কাৰ্বি ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ

নগাঁও, ২৭ এপ্ৰিল:  নগাঁও জিলাৰ ৰহা আৰক্ষী থানাৰ অন্তৰ্গত খাইগড়ত এগৰাকী ১২ বছৰীয়া কিশোৰীৰ হত্যাক লৈ আজিও উত্তাল হৈ আছে নগাঁও। উল্লেখ্য যে ২২ এপ্ৰিলত ৰহা খাইগড়ত পশ্চিম কাৰ্বি আংলং জিলাৰ চুমিলা ৰংহাংপী নামৰ কিশোৰী গৰাকীৰ অগ্নি দদ্ধ মৃতদেহ উদ্ধাৰ হৈছিল।

কিশোৰী গৰাকীৰ মৃতদেহ উদ্ধাৰৰ পিছৰে পৰা ৰহা অঞ্চলকে ধৰি সমগ্ৰ নগাঁও জিলাত প্ৰতিবাদ, ক্ষোভ অব্যাহত আছে। কাৰ্বি আংলং জিলাকে ধৰি গুৱাহাটীটো এই ঘটনাৰ প্ৰতিবাদ চলি আছে। আজি নগাঁৱৰ কেইবাটাও সংগঠনে চুমিলা ৰংহাংপীৰ হত্যাকাৰীক কঠোৰ শাস্তি বিহাৰ দাবীত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে। নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ নগাঁও জিলা সমিতি, অসম মহিলা সংঘৰ নগাঁও জিলা সমিতি, সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ নগাঁও জিলা সমিতি, কাৰ্বি প্ৰগতিশীল নাৰী সন্থা, নগাঁও ডিষ্ট্ৰিক কাৰ্বি অৰ্গেনাইজেশ্যন, নগাঁও জিলা কাৰ্বি ছাত্ৰ সন্থাই যৌথভাৱে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰি কিশোৰী গৰাকীৰ হত্যাৰ উচিত তদন্তৰ দাবী কৰাৰ লগতে দোষীক কঠোৰ শাস্তি বিহাৰ দাবী জনাই।

নগাঁও চহৰৰ মতিৰাম বৰা ক্ষেত্ৰত ৰূপায়ন কৰা এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা সকলে চুমিলা ৰংহাংপীৰ হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদান কৰক, হত্যাৰ বিচাৰ ফাষ্টট্ৰেক কৰ্টত কৰক, ৰায় নোহোৱালৈকে অভিযুক্তক ন্যায়িক জিন্মাত ৰাখক, চুমিলা ৰংহাংপীৰ পৰিয়ালক ২০ লাখ টকাৰ ক্ষতিপুৰন দিয়ক আদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা সংগঠন সমূহে যৌথভাৱে জিলা উপায়ুক্তক এখনি স্মাৰক পত্ৰ প্ৰদান কৰে।স্মাৰক পত্ৰত চুমিলা ৰংহাংপীক হত্যাৰ লগত জড়িত প্ৰকাশ বৰঠাকুৰ, নয়নমনি বৰঠাকুৰ আৰু ৰীনা বৰঠাকুৰৰ ফাষ্টট্ৰেক কৰ্টত বিচাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰা, আদালতে ৰায় নিদিয়ালৈকে অভিযুক্তক ন্যায়িক জিম্মাত ৰখা, চুমিলা ৰংহাংপী পৰিয়াললৈ বিশ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰা, প্ৰত্যেক থানাত মহিলা কোষ গঠন কৰা আৰু বিভিন্ন এলেকাত থকা ঘৰুৱা মহিলা কৰ্মীক পঞ্জীয়ন কৰাৰো দাবী উত্থাপন কৰে।

প্ৰতিবাদ স্থলীত অনুষ্ঠিত হোৱা সভাত অসম মহিলা সংঘৰ দেৱযানী বৰুৱা, নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ দময়ন্তী দাস, কাৰ্বি প্ৰগতিশীল নাৰী সন্হাৰ কেন্দ্ৰীয় নেত্ৰী প্ৰতিমা ইংহিপী, এন.ডি.কে.অৰ.মঙ্গল সিং ইংতি, বুদ্ধেশ্বৰ তিমুং, নগাঁও জিলাৰ কাৰ্বি ছাত্ৰ সন্থাৰ সংচিং তকবী , নগাঁও কাৰ্বি ছাত্ৰ সন্থাৰ চাৰফুটুং তিচ’,কৃষক গৰীৱ ন্যায় সন্হাৰ মুস্তাফা চেলিম আহমেদে বক্তব্য প্ৰদান কৰে। প্ৰতিবাদী কাৰ্য্যসূচীত প্ৰগতিশীল নাৰী সন্থাৰ নগাঁও জিলা সমিতিৰ সভানেত্ৰী পৰী কুমাৰী বৰুৱা আৰু সম্পাদিকা আয়েফা বেগমে অংশগ্ৰহণ কৰে।আন্দোলনকাৰী নেতৃবৃন্দই বিজেপি চৰকাৰৰ আমোলত সমগ্ৰ ভাৰত বৰ্ষৰ ভিতৰত অসমত মহিলাৰ ওপৰত চলা হত্যা-হিংসা সৰ্বাধিক হোৱা বুলি উল্লেখ কৰি কয় যে, এই তথ্য নেচনেল ক্ৰাইম ৰেকৰ্ডত প্ৰকাশিত বুলি মন্তব্য কৰি বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰে।  লগতে কয় যে, চৰকাৰৰ “বেটি বচাওঁ বেটি পঢ়াওঁ” বিষয়তো অন্তঃসাৰ শূন্য হৈ পৰিছে।  “সবকা সাথ সবকা বিকাশ”ৰ ফোপোলা স্বৰূপটো চুমিলাৰ হত্যাৰ মাজেৰে প্ৰকাশ পাইছে বুলি তেওঁলোকে মন্তব্য কৰে। সভাই চুমিলা ৰংহাংপী ন্যায় বিচাৰ সমিতি নামেৰে এখন সমিতি গঠন কৰে। দোষীয়ে ন্যায় নোপোৱা পৰ্যন্ত এই সংগ্ৰাম অব্যাহত ৰখা হ’ব বুলি আন্দোলনকাৰী সংগঠন কেইটাই চৰকাৰক সতৰ্ক কৰি দিয়ে।