বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / নিৰ্বাচনী আয়োগ দায়ী ক’ভিডৰ বাবে!

নিৰ্বাচনী আয়োগ দায়ী ক’ভিডৰ বাবে!

মমতাই আজি অন্ত পেলালে ৫০ দিনীয়া প্ৰচাৰৰ

কলকাতা, ২৬ এপ্ৰিল: পশ্চিম বংগত আজি অষ্টম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অন্ত পৰিল৷আজি ৫০ দিনীয়া প্ৰচাৰ অভিযানৰ অন্ত পেলাই পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ভাৰতৰ নিৰ্বাচনী আয়োগক কঠোৰ ভাষাৰে সমালোচনা কৰে৷নিৰ্বাচনী প্ৰচাৰৰ সময়চোৱাত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ভাৰতৰ নিৰ্বাচন আয়োগে শাসক দল বিজেপিক সহায় কৰিছে বুলি সমালোচনা কৰে আয়োগক৷উল্লেখযোগ্য যে বিগত ২৬ মাৰ্চৰ পৰা দেশৰ আন পাঁচ খন ৰাজ্য ক্ৰমে কেৰালা,তামিলনাডু,অসম,পশ্চিম বংগ আৰু পুডুচেৰীৰ লগতে অসমতো নিৰ্বাচন অনুষ্ঠিত হৈছিল৷বাকী সকলো ৰাা্জ্যৰ নিৰ্বাচন বিগত ৬ এপ্ৰিলত অন্ত পৰিল যদিও পশ্চিম বংগত কিন্তু অহা ২৯ এপ্ৰিলতহে অন্ত পৰিব৷আজি অন্তিম নিৰ্বাচনী প্ৰচাৰত মমতা বেনাৰ্জীয়ে নিৰ্বাচনী আয়োগক সমালোচনা কৰি কয় যে দেশত ক’ভিডৰ হাৰ বৃদ্ধিৰ কাৰণ হৈছে নিৰ্বাচনী আয়োগে বিজেপি দলক দেখুওৱা অহেতুক প্ৰীতি৷পশ্চিম বংগত মুঠ ২৯৪ খন আসনৰ বাবে এই নিৰ্বাচন অনুষ্ঠিত হৈছে ৷