সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / দাদা চাহেব ফাল্কে বটা ঘোষণা

দাদা চাহেব ফাল্কে বটা ঘোষণা

পাৰ্থজিৎ বৰুৱালৈ তথ্যচিত্ৰ শিতানত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান

নগাঁও, ৩০ এপ্ৰিল: আজি দিল্লীত ঘোষণা কৰা একাদশ দাদাচাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱত নগাঁৱৰ বিশিষ্ট তথ্য চিত্ৰ তথা চুটি ছৱি পৰিচালক পাৰ্থজিৎ বৰুবাই তেওঁৰ তথ্যচিত্ৰ “ব্ৰেকিং দা চাইলেন্স” ৰ বাবে তথ্যচিত্ৰ শিতানত শ্ৰেষ্ঠ পৰিচালকৰ বটাঁ লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।উল্লেখযোগ্য যেএই তথ্য চিত্ৰখনৰ দৈৰ্ঘ্য হৈছে ৩০ মিনিট।তথ্যচিত্ৰখনত নগাঁৱৰ ৫ গৰাকী মহিলাই গঠন কৰা সুৰ সমলয় নামৰ সংগীত দলৰ ওপৰত নিৰ্মাণ কৰা হৈছে।৭০ দশকতে গঠন কৰা সুৰ সমলয় নামৰ এই সংগঠনটোৰ ওপৰত নিৰ্মাণ কৰা তথ্যচিত্ৰখনে এই বটা লাঁভ কৰা সম্পৰ্কত পাৰ্থজিৎ বৰুৱাই কয় যে-‘খবৰটো পাই মই সুখী হৈছো, কিন্তু চিনাকি-অচিনাকি বহু ব্যক্তিৰ এই কেইদিনত হোৱা অকাল মৃত্যুৰ বাবে মই এই সাফল্যত আনন্দিত  হ’ব পৰা নাই। মই এই পুৰস্কাৰটো সেই ব্যক্তিসকলৰ নামত উৎৰ্সগা কৰিব বিচাৰিছো।’