বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / মমতাৰ হেট ট্ৰিক

মমতাৰ হেট ট্ৰিক

নিজে হাৰিল কিন্তু দলক অভিলেখ সংখ্যক আসনত বিজয়ৰ সোৱাদ দিলে মমতাই

কলকাতা, ২মে’: মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে গৰিষ্ঠসংখ্যক ভোট লাভ কৰি বিজয় সাব্যস্ত কৰাটো নিশ্চিত হৈছে পশ্চিম বংগত৷মুঠ ২৯৪ খন আসনৰ ২৯২ খন আসনত নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু ৰাজ্যখনত চৰকাৰ গঠন কৰিবলৈ ১৪৮ খন আসনৰ প্ৰয়োজন হ’ব৷কিন্তু নিৰ্বাচনৰ ফলাফল সম্পূৰ্ণভাৱে ওলাবলৈ এতিয়াও যথেষ্ট সময় বাকী আছে যদিও কিন্তু তৃণমূল কংগ্ৰেছ দলে ২০০ খন আসন লাভ কৰাতো প্ৰায় নিশ্চিত৷সবাতোকৈ গুৰুত্বপূৰ্ণ বিষয় এইয়ে যে পশ্চিমবংগত আঠটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু বিগত ২৯ এপ্ৰিলত ইয়াৰ অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ অন্ত পৰিছে৷বহুবোৰ নিৰ্বাচনী সমীক্ষাত কিন্তু বিজেপিয়ে এইবাৰ তৃণমূল কংগ্ৰেছৰ ভেটি খহাব বুলি প্ৰকাশ কৰিছিল৷মমতা বেনাৰ্জীৰ দল তৃণমূল কংগ্ৰেছে দহ বছৰ শাসনত অধিষ্ঠিত হোৱাৰ বাবে প্ৰতিষ্ঠানবিৰোধী ঢৌৱে ক্ৰিয়া কৰিব বুলি ভৱা হৈছিল যদিও প্ৰকৃতাৰ্থত সেইয়া নহ’ল৷প্ৰধানমন্ত্ৰী মোডী,অমিত শ্বাহ,সভাপতি জে পি নাড্ডাকে ধৰি প্ৰায় প্ৰতিগৰাকী শীৰ্ষস্থানীয় নেতাই পশ্চিমবংগত প্ৰায় শতাধিক নিৰ্বাচনী সভাত অংশ লৈছিল যদিও কিন্তু ভালকৈয়ে মুখথেকেঁচা খালে বিজেপিয়ে৷অৱশ্যে দলটোৱে বিজয় সাব্যস্ত কৰিলে যদিও নন্দীগ্ৰামত মমতা বেনাৰ্জীয়ে বিজেপিৰ শুভেন্দু অধিকাৰীৰ হাতত পৰাজিত হ’বলগীয়া হয়৷

মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে গৰিষ্ঠসংখ্যক ভোট লাভ কৰি বিজয় সাব্যস্ত কৰাটো নিশ্চিত হৈছে পশ্চিম বংগত৷মুঠ ২৯৪ খন আসনৰ ২৯২ খন আসনত নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু ৰাজ্যখনত চৰকাৰ গঠন কৰিবলৈ ১৪৮ খন আসনৰ প্ৰয়োজন হ’ব৷কিন্তু নিৰ্বাচনৰ ফলাফল সম্পূৰ্ণভাৱে ওলাবলৈ এতিয়াও যথেষ্ট সময় বাকী আছে যদিও কিন্তু তৃণমূল কংগ্ৰেছ দলে ২০০ খন আসন লাভ কৰাতো প্ৰায় নিশ্চিত৷সবাতোকৈ গুৰুত্বপূৰ্ণ বিষয় এইয়ে যে পশ্চিমবংগত আঠটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু বিগত ২৯ এপ্ৰিলত ইয়াৰ অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ অন্ত পৰিছে৷বহুবোৰ নিৰ্বাচনী সমীক্ষাত কিন্তু বিজেপিয়ে এইবাৰ তৃণমূল কংগ্ৰেছৰ ভেটি খহাব বুলি প্ৰকাশ কৰিছিল৷মমতা বেনাৰ্জীৰ দল তৃণমূল কংগ্ৰেছে দহ বছৰ শাসনত অধিষ্ঠিত হোৱাৰ বাবে প্ৰতিষ্ঠানবিৰোধী ঢৌৱে ক্ৰিয়া কৰিব বুলি ভৱা হৈছিল যদিও প্ৰকৃতাৰ্থত সেইয়া নহ’ল৷প্ৰধানমন্ত্ৰী মোডী,অমিত শ্বাহ,সভাপতি জে পি নাড্ডাকে ধৰি প্ৰায় প্ৰতিগৰাকী শীৰ্ষস্থানীয় নেতাই পশ্চিমবংগত প্ৰায় শতাধিক নিৰ্বাচনী সভাত অংশ লৈছিল যদিও কিন্তু ভালকৈয়ে মুখথেকেঁচা খালে বিজেপিয়ে৷অৱশ্যে দলটোৱে বিজয় সাব্যস্ত কৰিলে যদিও নন্দীগ্ৰামত মমতা বেনাৰ্জীয়ে বিজেপিৰ শুভেন্দু অধিকাৰীৰ হাতত পৰাজিত হ’বলগীয়া হয়৷