সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / নগাঁৱত বন বিভাগৰ অভিযানত অবৈধ কাঠফলা মিল জব্দ

নগাঁৱত বন বিভাগৰ অভিযানত অবৈধ কাঠফলা মিল জব্দ

নগাঁও, ৫ মে': নগাঁও জিলা বন বিভাগৰ এটা অভিযানকাৰী দলে আজি জিলাখনৰ ৰূপহীৰ গেৰেকী অঞ্চলত অভিযান চলাই এটা অবৈধ কাঠ ফলা মিল জব্দ কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে, দীৰ্ঘদিন ধৰি ৰূপহীৰ গেৰেকী অঞ্চলত মো:নুৰামিন

নগাঁও, ৫ মে’: নগাঁও জিলা বন বিভাগৰ এটা অভিযানকাৰী দলে আজি জিলাখনৰ ৰূপহীৰ গেৰেকী অঞ্চলত অভিযান চলাই এটা অবৈধ কাঠ ফলা মিল জব্দ কৰিবলৈ সক্ষম হয়৷

জানিব পৰা মতে, দীৰ্ঘদিন ধৰি ৰূপহীৰ গেৰেকী অঞ্চলত মো:নুৰামিন ইছলাম নামৰ এজন লোকে অবৈধ ভাবে কাঠ ফলা মিল চলাই আহিছিল। এই মিলত একাংশ অসাধু কাঠ ব্যৱসায়ীয়ে অতি মূল্যবান চোৰাং কাঠ ফালি জিলা খনৰ বিভিন্ন স্থানলৈ সৰবৰাহ কৰি আহিছিল।

এই খবৰ গোপন সূত্ৰে লাভ কৰি আজি নগাঁও বনাঞ্চলিক বিষয়া জয়ন্ত গোস্বামীৰ নেতৃত্বত যোৱা দলটোৱে অবৈধ কাঠফলা মিলটো উৎখাত কৰাৰ লগতে কাঠমিল চলোৱাত ব্যৱহৃত এটা ডিজেল জেনেৰেটৰ আৰু কিছু মূল্যবান কাঠ জব্দ কৰিবলৈ সক্ষম হয়।এই অভিযানত বনাঞ্চলিক বিষয়া জয়ন্ত গোস্বামীক সংগ দিয়ে বনপালক প্ৰভাত বৰা,সম্পূৰ্ণা দাস বৰাৰ লগতে কেইবাগৰাকীও বনকৰ্মীয়ে।
অৱশ্যে আজিৰ অভিযানত অবৈধ কাঠমিলৰ লগত জড়িত কোনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।