বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / আজি ‘অক্ষয় তৃতীয়া’

আজি ‘অক্ষয় তৃতীয়া’

'অক্ষয় তৃতীয়া'ৰ তাৎপৰ্যৰ বিষয়ে লিখিছে ভূপেন শৰ্মাই

হিন্দু আৰু জৈন ধৰ্মাৱলম্বী লোক সকলৰ বাবে এটি অতি পবিত্ৰ তিথি অক্ষয় তৃতীয়া। ‘অক্ষয়’ শব্দৰ অৰ্থ ক্ষয় নোহোৱা। এই পবিত্ৰ তিথিটোত যিকোনো মাঙ্গলিক নাইবা শুভ কৰ্ম আৰম্ভ কৰিলে ই অনন্ত কাললৈ ক্ষয় নহয় বুলি ধৰ্মীয় বিশ্বাস। অক্ষয় তৃতীয়া তিথিটোৰ কেবাটাও মহত্বপূৰ্ণ ঘটনাৰ বৰ্ণনা ধৰ্মীয় শাস্ত্ৰত পোৱা যায়। প্ৰতি অসমীয়া ব’হাগ মাহৰ শুক্ল(জোনাক পক্ষ) তৃতীয়া তিথিটোৱেই অক্ষয় তৃতীয়া বুলি জনা যায়। এইবাৰ অক্ষয় তৃতীয়া ৩০বহাগ ১৪মে’ত পৰিছে।এই পবিত্ৰ তিথিটোৰ মহত্বপূৰ্ণ ঘটনাবোৰ হ’ল———— পৃথিৱীত ভগবান বিষ্ণুৰ ষষ্ঠ অৱতাৰ পৰশুৰামৰ আবিৰ্ভাৱ অক্ষয় তৃতীয়াৰ দিনাখন হৈছিল। অক্ষয় তৃতীয়াৰ দিনাই ৰজা ভগীৰথে গঙ্গা দেৱীক মৰ্তলৈ বোৱাই আনিছিল। বেদব্যাসৰ মুখেৰে ওলোৱা বাণী শুনি গণপতি দেৱতাই মহাভাৰত লিখা কাম আৰম্ভ কৰিছিল এই পবিত্র তিথিটোতেই। ভগৱতী অন্নপূৰ্ণা দেৱীও আবিৰ্ভাৱ হৈছিল অক্ষয় তৃতীয়াৰ দিনাই। অক্ষয় তৃতীয়াৰ পবিত্র তিথিটোৰ দিনাই সত্য যুগৰ সামৰণি ঘটি ত্ৰেতা যুগৰ আৰম্ভণি ঘটিছিল। কুৱেৰৰ তপস্যাত সন্তুষ্ট হৈ দেৱাদিদেৱ মহাদেৱে কুৱেৰক অতুল ঐশ্বৰ্য্য প্ৰদান কৰিছিল আৰু কুৱেৰে মহালক্ষ্মী লাভ কৰিছিল বাবে এই পবিত্ৰ তিথিটোৰ দিনা বৈভৱ লখিমীৰ পূজা কৰা হয়। ভগৱান শ্ৰীকৃষ্ণৰ পৰম ভক্ত তথা প্ৰিয় বন্ধু সুদামাই শ্ৰীকৃষ্ণক দ্বাৰকাত গৈ লগ পাইছিল এই পবিত্র তিথিটোৰ দিনাখন আৰু সেইদিনাৰ পৰাই সুদামাৰ দুখ দূৰ্গতিও আঁতৰ হৈছিল ভগৱান শ্ৰীকৃষ্ণৰ কৃপাত।ভগৱান শ্ৰীকৃষ্ণই দ্ৰৌপদীৰ বস্ত্ৰ হৰণ হোৱাৰ পৰা ৰক্ষা কৰিছিল এই পবিত্ৰ তিথিটোত। অক্ষয় তৃতীয়াৰ দৰে এটি মহত্বপূৰ্ণ পবিত্ৰ তিথিত আনকি জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰাৰ ৰথ নিৰ্মানৰ কামো আৰম্ভ কৰা হৈছিল।  কৰ’না মহামাৰীৰ দৰে এটি অপবিত্ৰ ভাইৰাছ নিপাত যাবলৈ আৰু বিশ্বত শান্তি স্থাপন হ’বলৈ আমিও প্ৰাৰ্থনা কৰোঁ আহক এই পবিত্র তিথিটোৰ দিনাই নেদেখা জনৰ ওচৰত অক্ষয় তৃতীয়াতেই নিপাত যাওক কৰ’নামহমাৰীৰ ভাইৰাছৰ৷