দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / গ্ৰেণেড বিস্ফোৰণত নিহত ১,আহত ৩ জন

গ্ৰেণেড বিস্ফোৰণত নিহত ১,আহত ৩ জন

বাইকত ২জন নিষিদ্ধ অথচ পিছৰজনেই দলিয়ালে গ্ৰেণেড

ডিগবৈ, ১৪ মে’: তিনিচুকীয়া জিলাৰ ডিগবৈৰ টিংৰাইৰ বজাৰত আজি দুপৰীয়া এক বজাত এক গ্ৰেণেড বিস্ফোৰণ সংঘটিত হয়৷বাইকত অহা দুজন লোকে এক ব্যৱসায়ীক প্ৰতিষ্ঠানক উদ্দেশ্যি উক্ত গ্ৰেণেড দলিয়াইছিল আৰু উক্ত ঘটনাত ১ জন ব্যক্তি নিহত হৈছে আৰু ৩ জন গুৰুতৰভাৱে আহত হৈছে৷টিংৰাইৰ পথৰ দাঁতিত অৱস্থিত তোৰণ আগৰৱালাৰ দোকান খনলৈ আহিছিল সঞ্জীৎ সিং নামৰ গ্ৰাহকজন আৰু গ্ৰেণেড বিস্ফোৰণৰ ফলত তেওঁ ইতিমধ্যে মৃত্যুক সাৱটি লৈছে৷আনহাতে, উক্ত ঘটনাত দোকানখনৰ স্বত্তাধিকাৰী তোৰণ আগৰৱালাৰ ভতিজা ঘনশ্যাম আগৰৱালা আৰু তেওঁৰ দোকানৰ কৰ্মচাৰী সুৰজিৎ তালুকদাৰো আহত হয়৷উক্ত গ্ৰেনেড বিস্ফোৰণৰ ঘটনাত মনজিত দাস নামৰ আন এজন লোকো আহত হয়৷উক্ত ঘটনা কোনে সংঘটিত কৰিছে সেই বিষয়ে সঠিক তথ্য পোৱা নাই আৰক্ষীয়ে৷ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ  লোক উপস্থিত হৈছে৷গুৰুত্বপূৰ্ণ বিষয় এইয়ে যে কালিৰ পৰা ক’ভিড মহামাৰীৰ সংক্ৰমণ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে নতুন এছঅ’পি প্ৰৱৰ্তন কৰিছে আৰু সেই অনুসৰি এখন বাইকত দুজন পুৰুষ উঠাটো নিষিদ্ধ কৰা হৈছিল৷কিন্তু আশ্চৰ্যজনকভাৱে সেনা -আৰক্ষীয়ে উক্ত অঞ্চলত গিজগিজাই থকাৰ পিছতো কিন্তু দুজন লোকে বাইকত আহি গ্ৰেণেড দলিওৱা বুলি প্ৰত্যক্ষদৰ্শীয়ে জনাইছে৷সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰখাৰ বাবে আৰক্ষী অধীক্ষক গৰাকীয়ে এই সম্পৰ্কত এতিয়ালৈকে কোনোধৰণৰ মন্তব্য দিয়া নাই৷আনহাতে,আলফা স্বাধীন এই ঘটনাৰ লগত জড়িত নহয় বুলি স্পষ্ট কৰি দিছে পৰেশ অসমে৷এক টেলিফোনিক বাৰ্তালাপত তেওঁ কয় “ডিগবৈৰ গ্ৰেণেড বিস্ফোৰণৰ লগত কোনো কাৰণতে আলফা  স্বাধীন জড়িত নহয়৷ইয়াৰ আগৰ জাগুণত সংঘটিত ঘটনাৰ লগতো আলফা স্বাধীন জড়িত নাছিল৷কোনো দুষ্ট চক্ৰই জনমানসত সংগঠনটোক হেয় প্ৰতিপন্ন কৰাৰ বাবে এনে ঘটনা সংঘটিত কৰিছে৷”