দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / প্ৰকৃতিয়ে প্ৰকৃতিৰ শত্ৰু!

প্ৰকৃতিয়ে প্ৰকৃতিৰ শত্ৰু!

বন্যহস্তীৰ নিথৰ দেহে কন্দুৱাইছে ৰাজ্যবাসীক

বঢ়মপুৰ, ১৪ মে’: নগাঁও জিলাৰ বঢ়মপুৰৰ তপতজুৰি পাহাৰত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা৷ পাহাৰখনত কালি উদ্ধাৰ হৈছে  ১৮টা বন্যহস্তীৰ মৃতদেহ৷  বন্যহস্তীৰ দলবঢ়মপুৰ ওপৰত বজ্ৰপাত পৰাৰ ফলতে এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হোৱা  বুলি বন বিভাগে তাৎক্ষণিকভাৱে জনাইছিল যদিও মৃত হাতী কেইটাৰ মৰণোত্তৰ পৰীক্ষাৰ পিছতহে এই অপমৃত্যুৰ কাৰণ জানিব পৰা যাব বুলি জনাইছে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই৷কালি ঘটনাটোৰ খবৰ পোৱাৰ লগে লগেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যক  ঘটনাস্থলীলৈ যোৱাৰ নিৰ্দেশ প্ৰদান কৰিছিল আৰু সেই অনুসৰি আজি মন্ত্ৰীগৰাকী গৈ তপতজুৰি পাহাৰত উপস্থিত হয়৷“হাতীৰ মৃতদেহ চাই বজ্ৰপাতৰ ফলত মৃত্যু হোৱা যেনেই লাগিছে৷অৱশ্যে সঠিক তদন্তৰ পিছতহে ইয়াৰ কাৰণ জানিব পৰা যাব৷যি কাৰণেই নহওক ঘটনাটো অত্যন্ত মৰ্মান্তিক৷”

 অৱশ্যে বন্যহস্তীৰ জাকটোত কিমানটা গজৰাজ আছিল আৰু তাৰে কিমানটা হতাহত হৈছে তাৰ সঠিক তথ্য এতিয়ালৈকে জানিব পৰা হোৱা নাই আৰু স্থানীয় প্ৰশাসন,বন বিভাগ তথা গঞাৰ সহযোগত উক্ত অঞ্চলত অভিযান চলাই থকা হৈছে৷ অতি দুখজনক এই ঘটনাটোত ইতিমধ্যে পাহাৰখনৰ ওপৰত ১৪টা আৰু নামনিত ৪টা বন্যহস্তীৰ মৃতদেহ প্ৰত্যক্ষ কৰা হৈছে৷

ইতিমধ্যে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷