বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / অজাপে গঠন কৰিলে সঁহাৰি কোষ

অজাপে গঠন কৰিলে সঁহাৰি কোষ

ক’ভিড ৰোগীক সহায় কৰিব অজাপৰ কৰ্মীয়ে

গুৱাহাটী, ১৭ মে’: ক’ভিড সংকটৰ সময়ত ৰাজ্যৰ আক্ৰান্ত জনতাক সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহিছে নবগঠিত অসম জাতীয় পৰিষদ। ক’ভিড আক্রান্ত আৰু সৰ্বসাধাৰণ জনতাক বিভিন্ন ধৰণে সহায়ৰ হাত আগবঢ়াবলৈ  আঞ্চলিক দলটোৱে অসমৰ প্ৰতিখন জিলাক সামৰি ‘জৰুৰীকালীন ক’ভিড সঁহাৰি কোষ’ গঠন কৰাৰ কথা ঘোষণা কৰিছে দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে।জিলা পৰ্যায়ৰ দলৰ কিছু সদস্যই কোষটো গঠন কৰিব।

জনতাৰ সহায় হোৱা কৈ যোগাযোগ নম্বৰ উল্লেখ থাকিব। উক্ত নম্বৰত ক’ভিড আক্রান্ত ৰোগী অথবা সৰ্বসাধাৰণ জনতাই নিজৰ বিভিন্ন ধৰণৰ অভাৱ, অভিযোগ, অসুবিধা, ঔষধ পাতি সমস্যা বা যিকোনো ধৰণৰ সমস্যা অৱগত কৰিলে সমস্যাসমূহ সমাধান কৰাৰ প্ৰচেষ্টা চলাব কোষে। ইতিমধ্যে ২০খন জিলাত গঠন হৈছে এনে কোষ। উক্ত জিলাসমূহৰ জনতাৰ সুবিধাৰ হোৱাকৈ অসম জাতীয় পৰিষদে মুকলি কৰিছে নিৰ্দিষ্ট যোগাযোগ নম্বৰ। জিলা ভিত্তিত মুকলি কৰা হৈছে কিছুসংখ্যক যোগাযোগৰ নম্বৰ৷

জিলা পৰ্যায়ত কোষৰ যোগাযোগ নম্বৰ মুকলি কৰি সভাপতি গৰাকীয়ে কয় “মানৱ জাতিয়ে দুৰ্যোগৰ পৰা পৰিত্ৰাণ পাবলৈ ঐক্যবদ্ধভাৱে যুঁজ দিয়া সময় এইয়া৷” 

দলৰ মুখ্যকাৰ্যালয়ত সম্বোধন কৰা সংবাদমেলত সভাপতি গৰাকীয়ে  কয় “ক’ভিড আক্রান্তক সহায়ৰ বাবে এজেপিয়ে প্লাজমা বেংক স্থাপনৰ চিন্তা-চৰ্চা কৰিছে। পঞ্জীয়নৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। প্ৰথম পৰ্যায়ত দলৰ সদস্য কৰ্মকর্তা জাতীয় সেৱকসকলক পঞ্জীয়নৰ আহ্বান তথা জাননী জাৰি কৰা হৈছে। “

আনহাতে, অনলাইনৰ পৰিৱৰ্তে অফলাইন প্ৰক্ৰিয়াৰে ক’ভিড টীকাকৰণ ব্যৱস্থা কৰাৰ দাবী জনায়। লগতে শিশু আৰু জেষ্ঠ সকলোকে আচঁনিৰ আওতালৈ আনিবলৈ আহ্বান জনাই। নহ’লে কভিডৰ তৃতীয় ঢৌত সমাজৰ ১৮ বছৰৰ তলৰ শিশু, কিশোৰসকল আক্রান্ত হ’ব বুলিও শংকা ব্যক্ত কৰে সভাপতিগৰাকীয়ে৷

সংবাদমেলত দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা, চিত্তৰঞ্জন বসুমতাৰী, জিয়াউৰ ৰহমানৰ লগতে আন শীৰ্ষ নেতাসকল উপস্থিত থাকে৷