সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / নগাঁৱত মৃত্যুৰ সংখ্যা ৩০ জনলৈ বৃদ্ধি

নগাঁৱত মৃত্যুৰ সংখ্যা ৩০ জনলৈ বৃদ্ধি

সংক্ৰমণ বৃদ্ধি পাইছে নগাঁৱত

নগাঁও, ১৭ মে’: সমগ্ৰ নগাঁও জিলাত  মহামাৰী ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা দৈনিক বৃদ্ধি পোৱাৰ লগতে মৃত লোকৰ সংখ্যাও ক্ৰমশঃ বৃদ্ধি পাবলৈ ধৰিছে। ফলত পৰিস্থিতি এতিয়াও নিয়ন্ত্ৰণলৈ অহা নাই। বৰঞ্চ পৰিস্থিতি জটিলতাৰ দিশে গতি কৰিছে। আজিৰ দিনটোত পুনৰ ৪২৭ জন লোকৰ দেহত ক’ভিড- ১৯ৰ উপস্থিতি নতুনকৈ ধৰা পৰিছে।

এতিয়ালৈকে  কৰ’নাৰ দ্বিতীয় লহৰত নগাঁও জিলাত মুঠ ৫৪৮০ গৰাকী লোক আক্ৰান্ত হৈছে। বৰ্তমানেও কৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২৩৯০ জন। আজি জিলাখনৰ বিভিন্ন প্ৰান্তত স্বাস্থ্য বিভাগে সৰ্বাধিক ৫২৬৮ গৰাকী লোকক ৰেট টেষ্ট কৰে যদিও আক্ৰান্তৰ সংখ্যা ৪২৭ গৰাকী চিহ্নিত হয়।

আজিৰ দিনটোত আক্ৰান্ত সকলৰ ৩৭৮ জনক নিজ নিজ গৃহতে আছুতীয়াভাৱে পৰ্যবেক্ষনত ৰখাৰ উপৰিও ৪৯ গৰাকী ব্যক্তিক ক’ভিড কেয়াৰ চেন্টাৰত ভৰ্তি কৰোৱা হৈছে। ইফালে, আজি ক’ভিড আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হয়। মৃত্যু হোৱা লোকজন হৈছে কলিয়াবৰৰ সাগৰ বৰুৱা বুলি জানিব পৰা গৈছে। এই লৈ বৰ্তমান লৈকে নগাঁও জিলাত ক’ভিড ১৯ত আক্ৰান্ত হৈ ৩০গৰাকীকৈ লোকৰ মৃত্যু হৈছে। আনহাতে, জিলাখনৰ ১৪টা স্থানত জিলা প্ৰশাসনে কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰি নিৰ্দিষ্ট এলেকাটোত সৰ্বসাধাৰণ ৰাইজৰ আহ যাহ নিষিদ্ধ কৰিছে।