মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / যাব নোৱাৰিব এখনৰ পৰা আন এখন জিলালৈ

যাব নোৱাৰিব এখনৰ পৰা আন এখন জিলালৈ

কঠোৰ হ’ব প্ৰশাসন

গুৱাহাটী, ১৭ মে’: ৰাজ্যত দেখা দিয়া ক’ভিড সংক্ৰমণৰ ভয়াবহতাৰ বাবে ৰাজ্য চৰকাৰে অহা ২১ মে’ৰ পৰা কাৰ্যকৰী হোৱাকৈ আন্তঃৰাজ্যিক যাতায়ত বন্ধ কৰাৰ কথা ঘোষণা কৰিছে৷গাওঁ অঞ্চলত এই সংক্ৰমণ বন্ধ কৰাৰ বাবে ৰাজ্য চৰকাৰে এই সিন্ধান্ত গ্ৰহণ কৰিবলগীয়া হোৱা বুলি জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷গুৱাহাটী,ডিব্ৰুগড় আৰু তিনিচুকীয়াত সংক্ৰমণ বৃদ্ধি পোৱাৰ বিপৰীতে ৰাজ্যৰ আন জিলাত এই সংক্ৰমণ হ্ৰাস পাইছে৷সেয়ে ৰাজ্য চৰকাৰে সংক্ৰমণ হ্ৰাস পোৱা অঞ্চলত বাহিৰৰ লোকৰ প্ৰৱেশ নিষিদ্ধ কৰি উক্ত জিলা সমূহক আংশিক লকডাউনৰ পৰা মুক্ত কৰিব বিচাৰিছে বুলিও জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে৷আনহাতে, আজি আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই উলুবাৰীৰ মুখ্য কাৰ্যালয়ত সম্বোধন কৰা এক সংবাদমেলত ৰাজ্যৰ জনসাধাৰণক ক’ভিড সংক্ৰমণৰ বিষয়টো লৈ লক্ষ্য ৰাখি দিনৰ দহ বজাৰ পৰা এঘাৰ বজাৰ সময়খিনিত বজাৰ কৰিবলৈ ওলাই আহি অযথা ভিৰ নকৰিবলৈ আহ্বান জনাইছে আৰু তাৰ বিপৰীতে পুৱাৰ ভাগতেই বজাৰ কৰাৰ আহ্বান জনাইছে৷তদুপৰি প্ৰয়োজন সাপেক্ষে হোম ডেলিভাৰীৰ জৰিয়তে সামগ্ৰী ক্ৰয় কৰাৰো পৰামৰ্শ আগবঢ়াইছে আৰক্ষী সঞ্চালকজনে৷