বৃহষ্পতিবাৰ, ২৯ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / সকলোকে ভেকচিন দিয়ক!

সকলোকে ভেকচিন দিয়ক!

কাৰাগাৰৰ পৰা পত্ৰ দিলে অখিলে

গুৱাহাটী, ১৬ মে’: কাৰাগাৰৰ পৰা অসম চৰকাৰলৈ শিৱসাগৰৰ  নৱনিৰ্বাচিত বিধায়ক অখিল গগৈয়ে দিলে বিশেষ পত্ৰ। কাৰাবন্দী বিধায়ক গৰাকীয়ে ক’ভিড প্ৰতিৰোধ সম্পৰ্কত যথোচিত পদক্ষেপ গ্ৰহণৰ বাবে পত্ৰৰ জৰিয়তে চৰকাৰক আহ্বান জনাইছে৷

গাঁৱে-ভূঞে, নগৰে-চহৰে শিবিৰ পাতি ৰেপিড এন্টিজেন টেষ্ট আৰু আৰটিপিচিআৰ টেষ্টৰ জৰিয়তে ক’ভিড টেষ্ট বৃদ্ধি কৰাৰ আহ্বান জনাইছে অখিল গগৈয়ে।অন্যথা সহজতে মহামাৰীৰপৰা উদ্ধাৰ হোৱা সম্ভৱ নহ’ব বুলি উল্লেখ কৰিছে গগৈয়ে।তিনিমাহৰ ভিতৰত অসমৰ ৩ কোটি ৩০লাখ নাগৰিকক ভেক‌চিনৰ ব্যৱস্থা কৰিব লাগে আৰু বিনামূলীয়া, সহজলভ্য, সাৰ্বজনীন হ’ব লাগে এই ভেকচিন।

ক’ভিড ভেক‌চিন প্ৰদানৰ ক্ষেত্ৰত অসমক দেশৰ প্ৰথম ৰাজ্য কৰাৰ আহ্বান জনাই গগৈয়ে।তেতিয়াহে নতুন মুখ্যমন্ত্ৰীক যোগ্য তথা দক্ষ বুলি ক’ব পৰা যাব বুলি উল্লেখ কৰে কাৰাবন্দী বিধায়ক গৰাকীয়ে।

প্ৰতিগৰাকী ক’ভিড ৰোগীক চিকিৎসাৰ সময়ত আৰু ক’ভিড ৰোগৰ পৰৱৰ্তী সময়ত মানসিক চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে। চিকিৎসা বিভাগক শাৰীৰিক আৰু মানসিক চিকিৎসা দুটা বিভাগত বিভক্ত কৰাৰো আহ্ববান জনায়৷ ক’ভিড নিয়ন্ত্ৰণৰ নামত আৰক্ষী প্ৰশাসনে জনতাক মাৰ- ধৰ কৰা প্ৰসংগত গগৈয়ে কয়- পুলিচ প্ৰশাসনে মাৰ-পিত নহয়, গণ সজাগতা গঢ়ি তোলক।’ডাঙৰ মানুহ’ আৰু ‘ৰাইজ’ক সমান ব্যৱহাৰ কৰিব লাগে।

 সান্ধ্য আইন তথা লকডাউনেে ক্ষতিগ্ৰস্ত প্ৰতিটো ৰেচন কাৰ্ড থকা পৰিয়ালক অতিৰিক্ত ভাৱে ৰেচন যোগান ধৰা উচিত । ইয়াৰ উপৰিও  নিয়মীয়া দৰমহা নোপোৱা প্ৰতিটো পৰিয়ালক ৪-৫ মাহৰ বাবে ৫০০০ টকাকৈ ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব লাগে। লগতে ব্যৱসায়ী, উদ্যোগ প্ৰতিষ্ঠানক ক্ষতি অনুসৰি ক্ষতিপূৰণৰ ব্যৱস্থা কৰাৰো আহ্বান জনাই বিধায়ক গগৈয়ে।আনহাতে ৰাইজক আহ্বান জনাই কয়- কৰ’নাৰ সামান্য লক্ষণ  দেখাৰ লগে লগেই অৱহেলা নকৰি চিকিৎসালয়লৈ যাওক। চিকিৎসালয় যোৱা পলম হ’লে চিকিৎসকে বচাব নোৱাৰিব’।

উল্লেখ্য যে ৰাজ্যত শেহতীয়া ভাৱে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ক’ভিডে।দৈনিক গড়ে পাঁচ হাজাৰৰো অধিক লোক আক্রান্ত হৈছে ক’ভিডত।বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত এইখন চৰকাৰক উদ্দেশ্যি প্ৰথম পত্ৰ৷উল্লেখযোগ্য যে কৃষক নেতা অখিল গগৈ ২০১৯ চনৰ ১২ ডিচেম্বৰৰ পৰা কাৰাগাৰতে আছে আৰু অহা ২১ মে’ত তেওঁ বিধায়ক হিচাপে শপত ল’ব৷