শুক্ৰবাৰ, ৩০ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / সতীৰ্থ মন্ত্ৰী গ্ৰেপ্তাৰ,মমতাৰ প্ৰতিবাদ

সতীৰ্থ মন্ত্ৰী গ্ৰেপ্তাৰ,মমতাৰ প্ৰতিবাদ

লকডাউনৰ মাজতে প্ৰতিবাদত বহিল তৃণমূল কৰ্মী

কলকাতা, ১৭ মে’: পশ্চিমবংগত আজি লকডাউনৰ মাজতে ভয়ানকভাৱে আইন শৃংখলাজনক পৰিস্থিতিৰ অৱনতি ঘটিছে৷আজি কেন্দ্ৰীয় চোৰাংচোৱা বিভাগে চাৰি বছৰ পুৰণি নাৰদা গোচৰৰ অভিযোগত মমতা বেনাৰ্জী নেতত্বাধীন চৰকাৰৰ দুজন মন্ত্ৰীক গ্ৰেপ্তাৰ কৰিছে আৰু ইয়াকে লৈ সমগ্ৰ কলকতা চহৰত এক হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷পুৱা ১০-৪৭ বজাত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী চিবিআইৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পিছতে তৃণমূল কংগ্ৰেছৰ কৰ্মীসকলে কাৰ্যালয়ৰ বাহিৰত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে৷দুপৰীয়া এক বজাত প্ৰতিবাদী কৰ্মীসকলে নিৰাপত্তা বাহিনীক উদ্দেশ্যি পাথৰ দলিওৱাৰ লগতে পথত টায়াৰ জ্বলাইয়ো প্ৰতিবাদ কৰে৷“মন্ত্ৰী কেইজনক কিয় এনেদৰে গ্ৰেপ্তাৰ কৰা হ’ল?২০১৬ চনৰ পুৰণি গোচৰত হঠাতে কিয় তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলগীয়া হ’ল?ক’ভিডৰ বাবে এতিয়া লকডাউন দিয়া আছে৷তদুপৰি এই  মন্ত্ৰী কেইজনক গ্ৰেপ্তাৰৰ সময়ত বিধানসভাৰ অধ্যক্ষৰ অনুমতি লোৱা হোৱা নাছিল”-এনেদৰে কয় এগৰাকী তৃণমূল নেতাই৷তৃণমূল কংগ্ৰেছৰ মহিলা কোষৰ নেত্ৰী চন্দ্ৰিমা ভট্টাচাৰ্যই আজি কলকাতাৰ আৰক্ষী আয়ুক্ত সৌমেন মিত্ৰক সাক্ষাৎ কৰি মন্ত্ৰী কেইগৰাকীক নীতিবিৰুদ্ধভাৱে গ্ৰেপ্তাৰ কৰাৰ অপৰাধত কেন্দ্ৰীয় চোৰাংচোৱা বিষয়া কেইগৰাকীক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়৷মুখ্যমন্ত্ৰীৰ মেডিয়া উপদেষ্টা অনিন্দ্য ৰাৱতে মুখ্যমন্ত্ৰীগৰাকীৰ উদ্ধৃতি দি কয় “ মুঠ চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ বাবে কোনো অনুমতি লোৱা হোৱা নাছিল৷একেটা গোচৰত অভিযুক্ত মুকুুুল ৰয় আৰু শুভেন্দু অধিকাৰী বিজেপিত যোগদান কৰা বাবে নিৰ্দোষী হ’ল নেকি?”