বৃহষ্পতিবাৰ, ২৯ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / নগাঁৱৰ এডিপিৰ প্ৰশংসনীয় পদক্ষেপ

নগাঁৱৰ এডিপিৰ প্ৰশংসনীয় পদক্ষেপ

মহিলা-শিশুৰ বাবে ক’ভিড কেন্দ্ৰ খুলিলে মহাবিদ্যালয়ে

নগাঁও, ১৮মে’: “আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ দৰে অসমৰ আন আন শিক্ষানুষ্ঠান সমূহেও এনে আদৰ্শনীয় পদক্ষেপ গ্ৰহণ কৰক। এই জটিল সময়ত সকলোৰে সহযোগিতাৰে আমি আগবাঢ়ি যাব লাগিব।” –  নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত অলপতে মহিলা আৰু শিশুৰ বাবে ৭০খন বিছনাযুক্ত এটি ক’ভিড কেয়াৰ চেণ্টাৰ মুকলি  কৰি এই মন্তব্য কৰে বিধায়ক ৰূপক শৰ্মাই। উল্লেখযোগ্য যে, কেৱল গুৰুতৰভাৱে অসুস্থ নোহোৱা মহিলাৰ বাবে নিৰ্মিত এই  ক’ভিড কেয়াৰ চেণ্টাৰত ৰোগীৰ বাবে সকলো ব্যৱস্থা কৰা হৈছে। বিশেষকৈ ক’ভিডৰ পৰা আৰোগ্য লাভ কৰা মহিলা ৰোগী সকলকো এই চেণ্টাৰত ৰখা হ’ব। ক’ভিড ৰোগী সকলৰ বাবে সম্পূৰ্ণ বিনামূলীয়া খাদ্য যোগান ধৰাৰ উপৰিও তেওঁলোকৰ শুশ্ৰূষাৰ বাবে দুগৰাকী নাৰ্ছো থাকিব এই কেন্দ্ৰত। আনহাতে, মহিলাসকলৰ বাবে বিভিন্ন গ্ৰন্থৰ ব্যৱস্থা কৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষই। লগতে মহিলাসকলৰ বাবে কেৰম বৰ্ড আৰু বিভিন্ন মনোৰঞ্জনধৰ্মী ক্ৰীড়াৰো ব্যৱস্থা কৰা হৈছে। নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰজিৎ ভাগৱতীয়ে কয়, “জিলা প্ৰশাসন আৰু বিধায়ক ৰূপক শৰ্মাক ক’ভিডৰ বিৰুদ্ধে এই যুঁজত সহযোগ কৰাৰ বাবেই আমাৰ এই ক্ষুদ্ৰ প্ৰয়াস।” মহাবিদ্যালয়খনৰ ইনড’ৰ ষ্টেডিয়ামত এই ক’ভিড কেয়াৰ চেণ্টাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই।