বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ক’ভিড যুদ্ধত বাগৰিছে স্বয়ং যোদ্ধাই

ক’ভিড যুদ্ধত বাগৰিছে স্বয়ং যোদ্ধাই

অৰ্ধ শতাধিক চিকিৎসকে দিলে প্ৰাণ

নতুন দিল্লী, ১৮ মে’: দেশজুৰি ক’ৰনা মহামাৰীয়ে চলাই আছে নৰমেধ যজ্ঞ ৷ক’ৰনাৰ সংহাৰত নিতৌ শ শ লোকৰ প্ৰাণ হানি হোৱাটো এতিয়া যেন তেনেই সাধাৰণ কথা ৷বিশ্ববিশ্ৰুত শিল্পী সাহিত্যিকৰ পৰা সাংস্কৃতিক কৰ্মীলৈকে ,বিয়াগোম ৰাজনৈতিক নেতা মন্ত্ৰী বিধায়কৰ পৰা সাধাৰণ খাটি খোৱা জনলৈকে কোনো সাৰি যোৱা নাই ৷মহামাৰী   ক’ৰনাই প্ৰাণ কাঢ়িছে ক’ৰনা যোদ্ধাৰ ৷প্ৰথম শ্ৰেণীৰ যোদ্ধা চিকিৎসক,চিকিৎসা কৰ্মী আৰু সাংবাদিক সকলোৱেই এই সময়চোৱাত মৃত্যুক সাৱটিছে৷ইজনৰ পিছত সিজনকৈ ঢলি পৰিছে চিকিৎসক৷২৪ ঘণ্টাত প্ৰাণ গ’ল অৰ্ধশতাধিক চিকিৎসকৰক’ভিডত আক্ৰান্ত হৈ দেশৰ এনে বহু মানব সম্পদ আমি হেৰুৱাবলগীয়া হোৱাৰ সময়তে আমালৈ আহিছে আন এক দুঃখবৰ ৷ক’ৰনাৰ পৰা হাত সাৰিবলৈ আমি যাৰ ওচৰ চাপো অথবা যিসকলে আমাক ক’ৰনা মহামাৰীৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰি আহিছে খোদ তেওঁলোকেই এতিয়া চিকাৰ হৈছে এই মহামাৰীৰ ৷বিগত ২৪ ঘণ্টাত ক’ৰনাত আক্ৰান্ত হৈ সমগ্ৰ দেশত 
মৃত্যুমুখত পৰিছে ৫০ জনতকৈয়ো অধিক চিকিৎসক ক’ৰনা প্ৰতিৰোধী সংগ্ৰামখনৰ মূল যোদ্ধা চিকিৎসক সকলো এতিয়া বলি হ’বলগীয়া হৈছে ক’ৰনাৰ সংহাৰৰ৷
ইজনৰ পিছত সিজন চিকিৎসকে প্ৰান আহুতি দিছে ক’ৰনা প্ৰতিৰোধী সংগ্ৰামখনত ইয়াৰে সৰহভাগেই অতি কম বয়সৰ তথা সাহসী চিকিৎসক আছিল ৷ সংস্থাটোৰ তথ্য অনুসৰি বিগত বৰ্ষতো ক’ৰনাৰ বিৰুদ্ধে যুঁজ কৰি কৰি ৭৩০ গৰাকী সাহসী চিকিৎসকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল৷