শুক্ৰবাৰ, ৩০ জুলাই, ২০২১

NewsFile Institute
Home / Agriculture  / কৃষিক এক বিষয় হিচাপে লওক!

কৃষিক এক বিষয় হিচাপে লওক!

শিশুক কৃষিৰ গুৰুত্বৰ কথা উপলব্ধি কৰাৰ চেষ্টা

গুৱাহাটী, ১৯ মে’: ২০২১ চনত অসমৰ অৰ্থনীতিত কৃষিখণ্ডৰ ভূমিকা যে অদ্বিতীয়, সেই কথাটো  সাম্প্ৰতিক পৰিস্থিতিত সকলোৱে স্পষ্টকৈ উপলব্ধি কৰিছে। উদ্যান কৃষিৰ লগতে সমগ্ৰ কৃষিখণ্ডই যে অকল খাদ্যৰহে যোগান ধৰি আহিছে তেনে নহয়, ই ঔষধি উদ্যোগকে ধৰি বিভিন্ন উদ্যোগলৈ কেঁচামাল যোগান ধৰাৰ উপৰিও প্ৰাণীৰ বাবে অপৰিহাৰ্য অক্সিজেনৰ এটা অংশও যোগান ধৰে। কিন্তু অসমত কৃষি বিষয়টোক এক সামাজিক জাগৰণলৈ পৰিৱৰ্তন কৰাৰ বাবে এতিয়াও বহুখিনি কৰণীয় আছে বুলি অসম বিজ্ঞান সমিতিয়ে বিশ্বাস কৰে। যিহেতু সমগ্ৰ অসমখন পাহাৰ, টিলা, নৈ, বিল, সমভূমি, বান অধ্যুষিত আদি বিভিন্ন ভৌগোলিক কাৰকৰ দিশৰপৰা বৈচিত্ৰ্যপূৰ্ণ এলেকাৰে গঠিত, সেয়েহে স্থানীয় পৰিৱেশৰ ওপৰত ভিত্তি কৰি কৃষি পৰিকল্পনা প্ৰস্তুত কৰা উচিত। তদুপৰি স্কুলীয়া পৰ্যায়ৰপৰাই কৃষিক নিয়মীয়া পাঠ্যক্ৰমৰ এক অবিচ্ছেদ্য অংশ কৰি লোৱা উচিত। বিভিন্ন ঠাইৰ নিজস্ব ভৌগোলিক বৈশিষ্ট্য আৰু পৰম্পৰা অনুসৰি যদি অসমখনক আমি ক্ষুদ্ৰ ক্ষুদ্ৰ কৃষি মণ্ডল হিচাপে ভাগ কৰি বহনক্ষম কৃষি কাৰ্য পৰিচালনা কৰাৰ লগতে তাৰ লগত সম্পৰ্কিত আনুষংগিক ক্ষুদ্ৰ উদ্যোগবোৰক জীয়াই ৰখাৰ বাবে পৰিকল্পনা হাতত লওঁ,  তেনেহলে আমি খাদ্যশস্যৰ ক্ষেত্ৰত স্বাৱলম্বী হোৱাৰ লগতে কৃষিভিত্তিক উদ্যোগবোৰো স্বচ্ছলভাবে চলি থাকিব। বিশেষকৈ উদ্যান শস্য আৰু  সংহত কৃষি পামৰ ক্ষেত্ৰখনত অসম সমগ্ৰ দেশৰ ভিতৰতেই এখন প্ৰথম শ্ৰেণীৰ ৰাজ্যৰ স্থান দখল কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে।উক্ত বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি অসম বিজ্ঞান সমিতিয়ে অসমৰ বিভিন্ন জিলাত থকা শাখাসমূহৰ সৈতে সমন্বিত ৰূপত হাতে-কামে এটি কৃষি শিক্ষা আৰু সজাগতামূলক প্ৰকল্পৰ কাম আৰম্ভ কৰিছে। পৰিকল্পনা অনুসৰি কিছুমান আদৰ্শ বাগিচা, কৃষি পাম, পশুপাম, নাৰ্ছাৰী আদি স্থাপন কৰাৰ লগতে কৃষিক এক উদ্যোগ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে সমিতিয়ে সজাগতা অভিযান, কৰ্মশালা, প্ৰশিক্ষণ, হাতপুথি প্ৰকাশ আদি কৰিবলৈ মনস্থ কৰিছে।ইতিমধ্যে অসম বিজ্ঞান সমিতিয়ে গুৱাহাটীৰ খানাপাৰত অৱস্থিত কেন্দ্ৰীয় সমিতিৰ নিজা চৌহদত ২৫০ জোপা কলগছ, ৫০ জোপা নেমুগছ আৰু ৫০ জোপা অমিতা গছৰ পুলি ৰোপণ কৰি এখনি বাগিচা আৰম্ভ কৰিছে। উক্ত প্ৰকল্পৰ অংশ হিচাপে খানাপাৰা চৌহদত প্ৰদৰ্শনমূলকভাবে পুখুৰীত মাছ আৰু হাঁহ পালনৰ লগতে গাহৰি পালনৰ ব্যৱস্থা গ্ৰহণ কৰিছে। তদুপৰি সমিতিৰ ১৪ টা শাখাই নিজ নিজ অঞ্চলত কৃষি বিষয়ক প্ৰকল্পৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ কৰিছে।সেয়েহে অসম বিজ্ঞান সমিতিৰ কৃষি বিকাশ প্ৰকল্পৰ সৈতে সমিতিৰ সকলো সদস্য, শুভাকাংক্ষীৰ লগতে চৰকাৰী বিভাগ, কৃষি বিশ্ববিদ্যালয়, অৱসৰপ্ৰাপ্ত অভিজ্ঞ কৃষি বিশেষজ্ঞৰ লগতে বিভিন্ন কৃষি গৱেষণা প্ৰতিষ্ঠানে সহযোগিতা আগবঢ়াব বুলি সমিতিয়ে আন্তৰিকতাৰে  আশা কৰিছে।সমিতিয়ে অসম চৰকাৰক সমগ্ৰ অসমখনক বিভিন্ন ঠাইৰ স্থানীয় ভৌগোলিক বৈশিষ্ট্য অনুসৰি ক্ষুদ্ৰ ক্ষুদ্ৰ কৃষিমণ্ডলত ভাগ কৰি কৃষি আঁচনি ৰূপায়ণৰ ব্যৱস্থা কৰাৰ লগতে স্থানীয় কৃষি ঋতুৰ লগত সংগতি ৰাখি কৃষি শিক্ষা প্ৰদান কৰিব পৰাকৈ কৃষি শিক্ষাক স্কুলীয়া পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ চৰকাৰক আহ্বান জনাইছে৷