বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / ক’ভিড পৰীক্ষা কৰিবই লাগিব

ক’ভিড পৰীক্ষা কৰিবই লাগিব

ক’ভিড পৰীক্ষাৰ বাবে গুৱাহাটীৰ ঘৰে ঘৰে যাব

গুৱাহাটী, ২০ মে: ’ক’ভিড সংক্ৰমণ প্ৰাৰম্ভিক পৰ্যায়তে ধৰা পেলোৱাৰ বাবে  পৰীক্ষাৰ সংখ্যা বৃদ্ধি  কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে৷এই ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ বাবে বিভিন্ন উদ্ভাৱনমূলক উপায় গ্ৰহণ কৰিবলৈ তেওঁ পৰামৰ্শ দিয়ে৷ কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য সমিতিৰ দ্বাৰা মহানগৰীত অব্যাহত থকা ক’ভিড পৰীক্ষা অভিযানৰ পৰ্যালোচনাৰ বাবে বৃহস্পতিবাৰে অনুষ্ঠিত বৈঠকত এই নিৰ্দেশ দিয়ে উপায়ুক্তগৰাকীয়ে৷ জিলা উপায়ুক্ত গৰাকীৰ নিৰ্দেশমৰ্মে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, কামৰূপ মহানগৰে জিলাখনৰ ক’ভিড পৰীক্ষা অভিযান ৰূপায়ন কৰিছে৷ইতিমধ্যে মাইকযোগে প্ৰচাৰ আৰু ঘৰে ঘৰে প্ৰচাৰ পত্ৰিকা বিতৰণৰ লগতে  ক’ভিড পৰীক্ষণ কেন্দ্ৰসমূহেও ৬৬টা পৰীক্ষা কেন্দ্ৰৰ তালিকা আৰু গৃহ আছুতীয়াকৰণৰ বিষয়ে প্ৰচাৰ পত্ৰিকাৰ দ্বাৰা ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে ব্যৱস্থা লৈছে৷এই অভিযানত গুৱাহাটী পৌৰ নিগম পৰিসীমাৰ ভিতৰত পৰা সকলো এপাৰ্টমেণ্ট, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, সংবাদ মাধ্যমৰ কাৰ্যালয়, স্বেচ্ছাসেৱী সংগঠন, শ্বপিং মল আদি সামৰি লোৱা হৈছে৷ইতিমধ্যে এই অভিযানৰ যথেষ্ট সুফল দেখা গৈছে৷ বিগত কেইটামান দিনত মহানগৰীত সংক্ৰমণৰ হাৰ কিছু হ্ৰাস পোৱা দেখা গৈছে৷ এই কথালৈ লক্ষ্য ৰাখি অনাগত দিনসমূহত এই অভিযান আৰু তীব্ৰতৰ কৰি তোলাৰ সিদ্ধান্ত লোৱা হৈছে৷ বৃহস্পতিবাৰে মহানগৰৰ বিভিন্ন স্থানত মুঠ ১৩,৯৪১ জনৰ নমুনা পৰীক্ষা কৰা হয়৷ এই পৰীক্ষাত মুঠ ১,১৯৭ জন ক’ভিড পজিটিভ  ৰোগী চিনাক্ত হয়৷