বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / জিলাই জিলাই তৎপৰ স্বাস্থ্য বিভাগ

জিলাই জিলাই তৎপৰ স্বাস্থ্য বিভাগ

নগাৱঁত অক্সিজেনযুক্ত বিচনা সাজু হ’ব শীঘ্ৰেই

নগাঁও, ১৯ মে’: নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত নিৰ্মীয়মান অৱস্থাত থকা ৪০খন বিচনাযুক্ত অক্সিজেন বেডৰ নিৰ্মাণ কাৰ্যৰ বুজ ল’লে বিধায়ক ৰূপক শৰ্মাই। উল্লেখযোগ্য যে, পূৰ্বে চিকিৎসালয় খনত থকা ২০খন বিচনাযুক্ত আইচিইউৰ সৈতে বৰ্তমান ৪০খন অক্সিজেন বিচনাৰ নিৰ্মাণ কৰাৰ বাবে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছিল। ইয়াৰ পিচতে আজি চিকিৎসালয় খনত উপস্থিত হৈ নগাঁৱৰ যুটীয়া স্বাস্থ্য সঞ্চালক আৰু চিকিৎসালয় খনৰ অধীক্ষকক লগত লৈ অক্সিজেন বেডৰ কামৰ অগ্ৰগতিৰ বুজ লয় বিধায়ক গৰাকীয়ে। উল্লেখযোগ্য যে নিৰ্মাণ হৈ থকা ৪০ খন অক্সিজেনযুক্ত বিচনাৰ লগতে আৰু ১০ খন অক্সিজেন বিচনা নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি বিধায়ক ৰূপক শৰ্মাই জানিবলৈ দিয়ে।বিধায়ক গৰাকীয়ে চিকিৎসালয় খনৰ ক’ভিড কেয়াৰ চেণ্টাৰত থকা ৰোগীৰো স্বাস্থ্যৰ বুজ লোৱাৰ লগতে তেঁওলোকক পৰ্য্যাপ্ত সকলো সুবিধা প্ৰদানৰ বাবে চিকিৎসালয় কৰ্তৃপক্ষৰ সৈতে আলোচনাত মিলিত হয়।পৰৱৰ্তী সময়ত, বিধায়ক গৰাকীয়ে নগাঁও জিলা উপায়ুক্ত কবিথা পদ্মনাভনৰ সৈতে উজৰাগাঁও আদৰ্শ চিকিৎসালয় পৰিদৰ্শন কৰে। বিধায়ক গৰাকীয়ে চিকিৎসালয় খনত থকা ক’ভিড ৰোগীৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে ৰোগীসকলৰ খাদ্য  তথা অনান্য অসুবিধা দূৰীকৰণৰ বাবেও যুটীয়া স্বাস্থ্য সঞ্চালক আৰু জিলা প্ৰশাসনক আহ্বান জনায়। আনহাতে, স্বাস্থ্যকৰ্মী সকলক চিকিৎসালয় খনৰ পৰিস্কাৰ-পৰিছন্নতাৰ দিশটোত বিশেষ গুৰুত্ব আৰোপ কৰিবলৈকো নিৰ্দেশ প্ৰদান কৰে। উল্লেখযোগ্য যে, বিধায়ক গৰাকীৰ প্ৰচেষ্টাত অতি শীঘ্ৰেই আন ১০খন অক্সিজেন বেড সেই স্থানত সংলগ্ন কৰাৰ লগতে অক্সিজেন প্লাণ্টৰো কাম বৰ্তমান পূৰ্ণগতিত চলিছে। নগাঁৱত সম্প্ৰতি দ্ৰুতগতিত ক’ৰনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবেই অক্সিজেন বেডৰ স্থাপনৰ ক্ষেত্ৰত বিধায়ক গৰাকীয়ে গুৰুত্ব আৰোপ কৰিছে কাৰণ এইবেলি ক’ৰনাত আক্ৰান্ত অধিকাংশ ৰোগীয়ে অক্সিজেনৰ অভাৱত জটিল অৱস্থালৈ যোৱা পৰিপক্ষিত হৈছে।