বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / মুখ্যমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুুুখ পৰেশ বৰুৱা

মুখ্যমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুুুখ পৰেশ বৰুৱা

ৰিতুলক মুকলি কৰি দিব আলফাই

গুৱাহাটী, ২০ মে’: তেল আৰু প্ৰাকৃতিক গেছ আয়োগ অৰ্থাৎ অএনজিচিৰ কৰ্মচাৰী ৰিতুল শইকীয়াক ১০০ ঘণ্টাৰ ভিতৰত মুকলি কৰি দিব আলফা স্বাধীনে৷উল্লেখযোগ্য যে আলফা স্বাধীনে বিগত ২০ এপ্ৰিলত অএনজিচিৰ ৩ গৰাকী কৰ্মচাৰীক অপহৰণ কৰিছিল৷মোহিনী মোহন গগৈ,অলকেশ শইকীয়া আৰু ৰিতুল শইকীয়াক বিচাৰি পিছদিনাৰ পৰাই আৰক্ষী অভিযান তীব্ৰতৰ কৰি তুলিছিল৷ইয়াৰ পিছতেই মন জিলাত দুগৰাকী অপহৃত ক্ৰমে মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল যদিও ৰিতুল শইকীয়াক উদ্ধাৰ কৰাত ব্যৰ্থ হয়৷ইয়াৰ পিছৰে পৰাই ৰিতুল শইকীয়াৰ অৱস্থিতি সম্পৰ্কত কোনো তথ্য নাপায় মানসিকভাৱে ভাঙি পৰিছিল ৰিতুলৰ পিতৃ মাতৃ তথা পত্নী৷শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মাজুলী ভ্ৰমণৰ সময়ত সাক্ষাৎ কৰিছিল ৰিতুলৰ পত্নীয়ে৷ইয়াৰ ঠিক এক সপ্তাহ পিছত অৰ্থাৎ ১৮ মে’ৰ দিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তিতাবৰস্থিত ৰিতুলৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ মুক্তিৰ বাবে সকলো ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰিছিল৷গুৰুত্বপূৰ্ণ বিষয়টো হ’ল আজি আলফা স্বাধীনৰ তৰফৰ পৰা পৰেশ অসমে স্পষ্টকৈ উল্লেখ কৰিছে যে অহা চাৰি দিনৰ ভিতৰত ৰিতুল নিজ গৃহত উপস্থিত হ’বগৈ৷এক টেলিফোনিক বাৰ্তালাপত তেওঁ কয়“ আমি অইল,অএনজিচিত আমাৰ থলুৱা লোকৰ সংস্থাপন বিচাৰিছিলোঁ৷আজি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ বাবে সঠিক ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰিছে আৰু আমি এই কথাত আশ্বস্ত হৈছোঁ৷সেয়ে আমি ৰিতুলক মুকলি কৰি দিয়াৰ সিন্ধান্ত গ্ৰহণ কৰিছোঁ৷”