বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / শীঘ্ৰেই নিযুক্তি হ’ব শিক্ষা বিভাগত

শীঘ্ৰেই নিযুক্তি হ’ব শিক্ষা বিভাগত

সিন্ধান্ত ল’লে পৰ্যালোচনা বৈঠকত

গুৱাহাটী, ১৯ মে’: মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছৰে পৰাই সকলো বিভাগকে সক্ৰিয় কৰি তোলাৰ চেষ্টা চলাইছে ড° হিমন্ত বিশ্ব শৰ্মাই৷স্বাস্থ্য,গড়কাপ্তানি,শিক্ষা সকলো বিভাগৰ কাম কাজ যাতে কোনো কাৰণতে ব্যাহত নহয় সেই বিষয়টোত গুৰুত্ব দিছে শৰ্মাই৷শিক্ষা বিভাগৰ বিভিন্ন পদত খালী হৈ থকা পদ পূৰণৰ বাবে ৰাজ্য চৰকাৰে শীঘ্রে পদক্ষেপ গ্রহণ কৰিব৷ বিশেষকৈ উচ্চতৰ মাধ্যমিকত খালী হৈ থকা শিক্ষক পদ পূৰণৰ বাবে খুব কম দিনৰ ভিতৰতে এক নিযুক্তি নীতি ঘোষণা কৰিব শিক্ষা বিভাগে৷ আজি দিনৰ ভাগত জনতা ভৱনত শিক্ষা বিভাগৰ মন্ত্ৰী বিষয়াৰ সৈতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এক পর্যালোচনা বৈঠক অনুষ্ঠিত কৰি এইক্ষেত্রত পদক্ষেপ গ্রহণৰ নির্দেশ দিয়ে৷ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু আৰু বিত্তমন্ত্রী অজন্তা নেওগে অংশ লোৱা এই পৰ্যালোচনা বৈঠকত শিক্ষা বিভাগৰ বিভিন্ন কাম–কাজৰ পর্যালোচনা কৰি আজি মুখ্যমন্ত্রীয়ে বিভাগটোৰ শীর্ষ বিষয়াসকলক কেইবাটাও গুৰুত্বপূর্ণ নির্দেশ প্ৰদান কৰে৷আনহাতে, ৰাজ্যৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত অগ্রাধিকাৰ ভিত্তিত শিক্ষকক নিযুক্তি প্রদান  আৰু এই নিযুক্তিৰ বাবে সংশ্লিষ্ট বিদ্যালয়সমূহক কর্তৃত্ব প্রদান কৰিবলৈও শিক্ষা বিভাগক প্রয়োজনীয় এম্পাৱাৰমেণ্ট সমিতি গঠনৰ পৰামর্শ দিয়ে মুখ্যমন্ত্রীয়ে৷ তদুপৰি ৰাজ্যৰ আটাই কেইখন অভিযান্ত্রিক মহাবিদ্যালয় আৰু পলিটেকনিক শিক্ষানুষ্ঠানৰ বাবে আছাম ইঞ্জিনীয়াৰিং ছার্ভিচ ৰিক্রুইটমেণ্ট ব’ৰ্ড গঠনৰ বাবেও  বিভাগক নির্দেশ দিয়ে মুখ্যমন্ত্রীয়ে৷এই বৈঠকতে মুখ্যমন্ত্রী ড০ শর্মাই চাহ বাগিচা এলেকাত নৱনির্মিত বিদ্যালয়সমূহৰ বাবে শিক্ষকৰ পদ সৃষ্টি কৰাৰ লগতে কলেজ শিক্ষকৰ নিযুক্তিক এক নিয়মীয়া প্রক্রিয়াৰূপে গ্রহণ কৰা, ২০২২ চনৰ পৰৱর্তী গুণোৎসৱ অনুষ্ঠিত কৰিব পৰাকৈ পূর্বৰ আয়োজিত গুণোৎসৱৰ ফলাফল ৰূপে হাতত ল’বলগীয়া আন্তঃগাঁথনিমূলক কামসমূহ শীঘ্রে সম্পূর্ণ কৰাৰ বাবেও  নির্দেশ প্ৰদান কৰে৷