বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / সাৰ, কীটনাশকত বিশেষ ৰেহাই

সাৰ, কীটনাশকত বিশেষ ৰেহাই

প্ৰতিবাদৰ ৬ মাহ হোৱাৰ প্ৰাকমুহূৰ্তত কৃষকলৈ ৰেহাই

নতুন দিল্লী, ২০ মে’: বিতৰ্কিত কৃষি আইনৰ বিৰোধিতা কৰি বিগত বৰ্ষৰ ২৬ নবেম্বৰৰ পৰা দিল্লী সীমান্তত প্ৰতিবাদ চলাই আহিছে কৃষকসকলে৷পঞ্জাৱ,উত্তৰ প্ৰদেশ ,হাৰিয়ানা আদি ৰাজ্যৰ কৃষকসকলে অংশ লোৱা প্ৰতিবাদ এতিয়াও অব্যাহত আছে৷মুঠ ১২ লানি বৈঠক অনুষ্ঠিত হোৱাৰ পিছতো কৃষি আইন বলবৎ নকৰা সম্পৰ্কত কোনো সিন্ধান্তত উপনীত হ’ব পৰা নাই  দুয়ো পক্ষ৷কৃষকসকলৰ প্ৰতিবাদে অহা ২৬ মে’ত ৬ মাহত ভৰি দিয়াৰ সময়তে কেন্দ্ৰীয় চৰকাৰে লৈছে এক গুৰুত্বপূৰ্ণ সিন্ধান্ত৷

উক্ত সিন্ধান্ত অনুসৰি সাৰ আৰু কীটনাশকৰ ওপৰত বিশেষ ৰেহাই অৰ্থাৎ চাবছিডি বৃদ্ধি কৰা হ’ল ১৪০ শতাংশ। ইমানখিনি চাবছিডি  ইয়াৰ আগতে একেলগে কেতিয়াও বৃদ্ধি কৰা হোৱা নাছিল৷ আন্তর্জাতিক বজাৰত হোৰাহোৰে বৃদ্ধি পাইছে সাৰ আৰু কীটনাশকৰ মূল্য। এই সন্দৰ্ভত বুধবাৰে এক উচ্চ পর্যায়ৰ বৈঠকত বহে প্রধানমন্ত্রী নৰেন্দ্র মোডী আৰু উক্ত বৈঠকতেই তাতেই এই সিদ্ধান্ত হয়।

ফছফৰিক এচিড, এমোনিয়া ইত্যাদিৰ দাম আন্তর্জাতিক বজাৰত অভাৱনীয় হাৰত বৃদ্ধি হোৱাৰ বিষয়টো  প্রধানমন্ত্রীৰ অৱগত কৰাৰ লগতে

এই সংক্রান্তীয় বিস্তাৰিত ৰিপোর্ট দাখিল কৰা হয়। ইয়াৰ পিছতেই তেওঁ স্পষ্টভাৱে জনাই যে কোনো কাৰণতেই কৃষকসকলৰ ওপৰত ইয়াৰ প্রভাৱ পৰিব দিব নোৱাৰি। তেওঁলোকে পুৰণি দামতেই যাতে সাৰ, কীটনাশক লাভ কৰে সেয়া নিশ্চিত কৰা হ’ব। ইয়াৰ পিছতেই সিদ্ধান্ত লোৱা হয় যে এমোনিয়াম হাইড্রোজেন ফছফেট তথা ডিএপিৰ ক্ষেত্রত প্ৰতি বেগত ছাবচিডি ৫০০ টকাৰ পৰা বৃদ্ধি কৰি ১২০০ টকা কৰাৰ কথা ঘোষণা কৰা  হয়।