বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / হাতী, বাঘ সকলো আছে নাই কেৱল গঁড়

হাতী, বাঘ সকলো আছে নাই কেৱল গঁড়

বিগ -৫ ত স্থান নাপালে এশিঙীয়া গঁড়েে

নতুন দিল্লী, ২০ মে’: বিগত বৰ্ষত আৰম্ভ হোৱা নিউ বিগ-৫ প্ৰকল্পত স্থান নাপালে অসম গৌৰৱ এশিঙীয়া গঁড়ে ৷প্ৰায় ৫০ হাজাৰ বন্যপ্ৰাণী প্ৰেমীৰ ভোটদানৰ জড়িয়তে আন্তৰ্জাতিক পৰ্যায়ত   ধুনীয়া আৰু আকৰ্ষণীয় জন্তুৰ এক তালিকা প্ৰস্তুত কৰা হৈছিল ৷বিশ্বৰ ধুনীয়া আৰু অবিশ্বাস্য প্ৰাণী চিনাক্তকৰণৰ বাবে প্ৰস্তুত কৰা এই তালিকাত স্থান পাইছে হাতী, বাঘ, সিংহ৷ মেৰু ভালুক আৰু চিম্পাঞ্জীয়ে ৷আন্তৰ্জাতিক পৰ্যায়ত আৰম্ভ হোৱা এই প্ৰকল্পটোৰ বাবে বিশ্বৰ বিভিন্ন দেশৰ  ২৫০ গৰাকী বন্যপ্ৰেমী ফটোগ্ৰাফাৰে শ্বুটিং কৰিব ৷নিউ বিগ ৫ প্ৰকল্পত তালিকাভুক্ত হোৱা এই বন্যজন্তু কেইটাৰ বিষয়ে সকলো তথ্য সন্নিবিষ্ট হোৱাৰ লগতে
২০২০ চনৰ এপ্ৰিল মাহৰ পৰা আৰম্ভ হোৱা এই প্ৰকল্পটোৰ মূৰব্বী গ্ৰেম গ্ৰীনে উল্লেখ কৰিছে যে নিউ বিগ ৫ ত অন্তৰ্ভুক্ত হোৱা এই ৫ প্ৰাণী কেৱল দেখাত ধুনীয়াই নহয় সিহঁতৰ  চাল চলনো অবিশ্বাস্য
এই প্ৰানী কেইবিধ সম্প্ৰতি অস্তিত্বৰ সংকটত ভুগিছে বুলি উল্লেখ কৰি ব্ৰিটিছ ফটোগ্ৰাফাৰ গৰাকীয়ে কয় ” চোৰাং চিকাৰীৰ উপদ্ৰব,অংগপ্ৰত্যংগৰ  অবৈধ ব্যবসায়, জলবায়ু পৰিবৰ্তন মানুহৰ সৈতে সংঘাত আদিৰ বাবে এই প্ৰাণীসমূূহ  অস্তিত্বৰ সংকটত পৰিছে ৷নিউ বিগ ৫ প্ৰকল্পৰ জড়িয়তে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা হ’ব বুলিও জানিবলৈ দিছে ৷ অৱশ্যে দুখৰ কথাটো হ’ল অসমত অস্তিত্বৰ সংকটত ভোগা অসম গৌৰৱ গঁড় এই তালিকাত অন্তৰভুক্ত ন’হল৷