মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / অলিম্পিয়ান হ’লগৈ হত্যাকাৰী!

অলিম্পিয়ান হ’লগৈ হত্যাকাৰী!

দিল্লী আৰক্ষীয়ে ঘোষণা কৰিছে পুৰস্কাৰ

নতুন দিল্লী, ২১ মে’: মুঠ দুবাৰকৈ অলিম্পিকত  পদক লাভ কৰা ভাৰতীয় মল্লযুঁজাৰু সুশীল কুমাৰৰ সন্ধান দিওঁতালৈ এক লাখ টকা পুৰস্কাৰ হিচাপে আগবঢ়াইছে দিল্লী আৰক্ষীয়ে৷অলিম্পিয়ান সুশীল কুমাৰক ইতিমধ্যে পলাতক হিচাপে ঘোষণা কৰিছে দিল্ আৰক্ষীয়ে৷

নতুন দিল্লীৰ সত্রশাল ষ্টেডিয়ামৰ বাহিৰত সংঘটিত মাৰপিটৰ ঘটনাত বিগত ৪  মে’ত প্রাক্তন জুনিয়ৰ ৰাষ্ট্রীয় চেম্পিয়ন মল্লযুঁজাৰু সাগৰ ৰাণাৰ মৃৃত্যু হৈছিল আৰু এই হত্যাকাণ্ডত নাম সাঙোৰ খাইছে দুবাৰৰ অলিম্পিয়ান সুশীল কুমাৰৰ নাম৷ বিগত ৪ মে’ত সংঘটিত সাগৰৰ হত্যাকাণ্ডটোৰ পিছৰে পৰা সন্ধানহীন হৈ আছে  সুশীল কুমাৰ৷দুবাৰৰ অলিম্পিয়ান গৰাকীক ঘটনাটোৰ সন্দর্ভত সোধা–পোছাৰ বাবে দিল্লী আৰক্ষীয়ে খেলুৱৈগৰাকীৰ বাসগৃহৰ লগতে কেইবাটাও স্থানত অভিযান চলাইছিল কিন্তু  তেওঁক আটক কৰাত ব্যর্থ হয়৷সম্পূৰ্ণভাৱে অসহযোগিতা আগবঢ়োৱা সুশীল কুমাৰে অগ্ৰিম জামিনৰ বাবে যোগাযোগ চলোৱাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে৷

 অলিম্পিয়ান গৰাকীৰ লগতে তেওঁৰ ব্যক্তিগত সহায়ক অজয় কুমাৰৰ সন্ধান দিওঁতালৈয়ো ৫০ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে দিল্লী আৰক্ষীয়ে৷

  মল্লযুঁজাৰু সাগৰ ৰাণাৰ হত্যাকাণ্ডটোৰ লগত নাম সাঙোৰ খাই পৰাৰ পিছত অগ্রিম জামিনৰ বাবে আৱেদন কৰিছিল যদিও   তেওঁৰ সেই আৱেদন নাকচ কৰে আদালতে৷ 

যোৱা ৪ মে’ত সংঘটিত ঘটনাটোৰ সন্দর্ভত সুশীল কুমাৰে তেওঁৰ ব্যক্তিগত অধিবক্তাৰ জৰিয়তে কয় যে উক্ত ঘটনাত তেওঁৰ নাম মিছাকৈয়ে সাঙোৰ খাই পৰিছে৷ উক্ত হত্যাকাণ্ডৰ সন্দর্ভত আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰা ব্যক্তিগৰাকীৰ নাম উল্লেখ কৰা নাই আৰক্ষীয়ে৷“আৰক্ষীয়ে মোক বিচাৰি অভিযান চলাই আছে আৰু আৰক্ষীয়ে মোৰ পাছপৰ্ট জব্দ কৰিছে৷ এই হত্যাকাণ্ডটোৰ লগত মোৰ নাম কেনেকৈ সাঙোৰ খালে সেইটো সঁচাকৈয়ে আচৰিত”-এনেদৰে অধিবক্তাৰ জৰিয়তে মন্তব্য কৰে সুশীল কুমাৰে৷ উল্লেখযোগ্য যে যোৱা ৪ মে’ত নতুন দিল্লীৰ সত্রশাল ষ্টেডিয়ামৰ বাহিৰত সংঘটিত এক মাৰপিটৰ ঘটনাত প্রাক্তন জুনিয়ৰ ৰাষ্ট্রীয় চেম্পিয়ন সাগৰ ৰাণা বেয়াকৈ আঘাতপ্রাপ্ত হৈছিল৷গুৰুতৰভাৱে আঘাত পোৱা সাগৰক স্থানীয় চিকিৎসালয়ত ভর্তি কৰোৱা হৈছিল যদিও  তেওঁৰ মৃত্যু ঘটিছিল৷ এই ঘটনাটোত জড়িত থকাৰ অভিযোগত আন পাঁচজন মল্লযুঁজাৰুক ইতিমধ্যে আটক কৰা হৈছে৷