সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / এল’পেথিক শাস্ত্ৰ বোলে মুৰ্খৰ বিজ্ঞানহে!

এল’পেথিক শাস্ত্ৰ বোলে মুৰ্খৰ বিজ্ঞানহে!

বিপদে খেদিছে ৰামদেৱক

নতুন দিল্লী, ২৩মে’: আধুনিক চিকিৎসা অৰ্থাৎ এল’পেথিক চিকিৎসাক  উপলুঙাসূচক মন্তব্য কৰি বিপদত পৰিছে যোগ গুৰু বাবা ৰামদেৱ।বিতৰ্কই লগ নেৰা ৰামদেৱে বিগত কিছুদিন ধৰি ক’ৰনাৰ প্ৰতিষেধক আৰু ঔষধ সম্পৰ্কে সন্মান হানিকাৰক মন্তব্য দি আহিছিল৷  বিগত বৰ্ষটো ক’ৰনাৰ সময়ত কৰ’নাৰ  প্ৰতিষেধক উদ্ভাৱন কৰা বুলি দাবী কৰি দেশ জুৰি সমালোচিত হৈছিল তেওঁ৷ইয়াৰ পিছত  শেহতীয়াকৈ এল’পেথিক চিকিৎসাক ‘মূৰ্খৰ বিজ্ঞান’ বুলি উপলুঙা কৰিছিল যোগগুৰু ৰামদেৱে।ৰামদেৱৰ মন্তব্য আছিল এনেধৰণৰ“ৰেমডিছিভিৰ , ফেভিপিৰাভিৰ  আদি ঔষধে ক’ভিড ১৯ ৰোগীক আৰোগ্য কৰিব পৰা নাই।”
শেহতীয়াকৈ প্লাজমা থেৰাপী বিফল হোৱা বুলি উল্লেখ কৰি ৰামদেৱ পুনৰ অযথা বিতৰ্কত সোমাই পৰিছিল৷ ইয়াৰ পূৰ্বেও আধুনিক চিকিৎসকসকলক ‘হত্যাকাৰী’ আখ্যা দিছিল ৰামদেৱে।ৰামদেৱৰ এনে  মন্তব্যই  ক্ষুব্ধ কৰিছে ভাৰতীয় মেডিকেল সংস্থাক । ৰামদেৱৰ বিৰুদ্ধে অভিযোগ দি  কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষবৰ্ধনলৈ পত্ৰ প্ৰেৰণ কৰিছে সংস্থাটোৱে। পত্ৰত ৰামদেৱৰ বিৰুদ্ধে মহামাৰী ৰোগ আইন ১৮৯৭ৰ অধীনত গোচৰ তৰাৰ আহ্বান জনাইছে অথবা ৰামদেৱৰ অভিযোগবোৰ মানি লৈ দেশৰ সকলো আধুনিক চিকিৎসা ব্যৱস্থা বন্ধ কৰাৰ আহ্বান জনাইছে সংস্থাটোৱে৷