বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ঘৰতে বহি কৰক ক’ভিড টেষ্ট

ঘৰতে বহি কৰক ক’ভিড টেষ্ট

ক’ভিশ্বেল্ফ আনিছে আশাৰ বতৰা

নতুন দিল্লী, ২১মে’: ক’ভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত  এক অকল্পনীয় সফলতা কঢ়িয়াই আনিছে পুনেৰ ‘মাই লেব ডিস্কভাৰী চলিউশ্যন লিমিটেড’ নামৰ ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানটোৱে৷

এতিয়াৰে পৰা ক’ভিডৰ পৰীক্ষা ঘৰতে বহি কৰিব পাৰিব যিকোনো লোকে৷ এই সন্দৰ্ভত দেশৰ আগশাৰীৰ চিকিৎসা গৱেষণা সংস্থা আইচিএমআৰে এতিয়াৰে পৰা ক’ভিড পৰীক্ষাৰ বাবে এক নতুন নিৰ্দেশনা জাৰি কৰিছে। এই গাইড লাইন অনুসৰি,  এতিয়া ঘৰতে কভিড পৰীক্ষা কৰিবলৈ সক্ষম হ’ব। ৰেপিড এণ্টিজেন পৰীক্ষাৰ বাবে পুনেৰ ‘মাই লেব ডিস্কভাৰী চলিউশ্যনে’ প্ৰস্তুত কৰা এই কীট ইণ্ডিয়ান মেডিকেল কাউঞ্চিল এণ্ড ৰিচাৰ্ছৰ দ্বাৰা অনুমোদন কৰা হৈছে। এই কীটৰ দ্বাৰা যিকোনো লোকে ঘৰতে  ক’ভিড পৰীক্ষাৰ বাবে নমুনা ল’বলৈ সক্ষম হ’ব।পুনেৰ এই প্ৰতিষ্ঠান ‘মাই লেব ডিস্কভাৰী ছলিউচন লিমিটেড’  কোম্পানীক এই পৰীক্ষাৰ কীট তৈয়াৰৰ বাবে কৰ্তৃত্ব দিয়া হৈছে। এই কীটটোৰ নাম হৈছে ক’ভিশ্বেল্ফ৷

নতুন গাইডলাইন অনুসৰি ঘৰত কৰিবলগীয়া এই পৰীক্ষা  লক্ষণযুক্ত ৰোগীৰ লগতে পজিটিভ ৰোগীৰ সংস্পৰ্শলৈ অহাসকলৰ বাবে ব্যৱহাৰ কৰিব পাৰিব। ঘৰৰ পৰীক্ষাৰ বাবে, গুগল প্লে ষ্টোৰ আৰু এপল ষ্টোৰৰ পৰা ম’বাইল এপ ডাউনলোড কৰিব লাগিব। ম’বাইল এপটোৱে পজিটিভ আৰু নিগেটিভ সম্পৰ্কীয় তথ্য প্ৰদান কৰিব।

 ঘৰুৱাভাৱে পৰীক্ষা কৰাৰ পিছত তেওঁলোকে  পৰীক্ষাৰ এখন ষ্ট্ৰিপ ছবি ল’ব লাগিব আৰু  যিটো ফোনত এপটো ডাউনলোড কৰিব সেইটো  ফোনেৰে ছবিখন ল’ব লাগিব। ম’বাইল ফোনৰ পৰা সংগৃহীত তথ্য পোনপটীয়াকৈ আইচিএমআৰৰ পৰীক্ষণ পৰ্টেলত সংৰক্ষণ কৰা হ’ব। এই ক্ষেত্ৰত  ৰোগীৰ সম্পূৰ্ণ গোপনীয়তা ৰক্ষা কৰা হ’ব৷সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয় এইয়ে যে এই কীটটোৰ মূল্য মাত্ৰ ২৫০ টকা৷আনহাতে,আৰটিপিচিআৰ টেষ্টৰ মূল্যৰ বাবদ ৰোগী সকলে ৪০০ ৰ পৰা ১৫০০ টকা ব্যয় কৰিবলগীয়া হৈছিল আৰু ৰেপিড এণ্টেজেন টেষ্টৰ ক্ষেত্ৰত ৩০০ ৰ পৰা ৯০০ টকা ভৰিবলগীয়া হৈছিল৷প্ৰথম অৱস্থাত প্ৰতি সপ্তাহত ৭০ লাখ কীট প্ৰস্তুত কৰিব প্ৰতিষ্ঠানটোৱে আৰু ইয়াৰ পিছত সপ্তাহে প্ৰতি এক কোটি কীট উৎপাদন কৰিব৷অহা সপ্তাহৰ ভিতৰত এই কীট বজাৰত উপলব্ধ হ’ব৷