বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / পৰিবেশবিদ বহুগুণা আৰু নাই

পৰিবেশবিদ বহুগুণা আৰু নাই

ক’ভিডে লৈ গ’ল বিশ্ববৰেণ্য পৰিবেশবিদ গৰাকীক

নতুন দিল্লী, ২১মে’: ছিপকো আন্দোলনৰ মূল হোতা তথা পৰিৱেশবিদ সুন্দৰলাল বহুগুনাৰ শুকুৰবাৰে ৯৪ বছৰ বয়সত মৃত্যু হয়। তেওঁক ৮ মে’ত ক’ভিড-১৯ ৰ চিকিৎসাৰ বাবে  হৃষীকেশত থকা এইমছ  ভৰ্তি কৰোৱা হৈছিল৷পৰিৱেশবিদ গৰাকী  নিউমোনিয়াত ভুগি আছিল আৰু আৰু মধুমেহ ৰোগতো আক্ৰান্ত আছিল।প্ৰকৃতিক অত্যন্ত ভালপোৱা বহুগুণা আছিল এক জীৱন্ত কিম্বদন্তি৷১৯৭০ চনৰ পৰাই তেওঁ প্ৰকৃতিৰ সুৰক্ষাৰ স্বাৰ্থত কাম কৰি আহিছে৷আজি দিনৰ ১২ বাজি ৫ মিনিটত এই প্ৰকৃতিপ্ৰেমী কিম্বদন্তিগৰাকীয়ে মৃত্যুক সাৱটি লয় বুলি জনাইছে হৃষীকেশত থকা এইমছৰ ডাইৰেক্টৰ ৰবি কান্তে৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পৰিবেশবিদ গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে৷