শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / ৮ উগ্ৰপন্থী নিহত

৮ উগ্ৰপন্থী নিহত

পুৱতি নিশাৰ সংঘৰ্ষত প্ৰাণ গ’ল ৮ উগ্ৰপন্থীৰ

গুৱাহাটী, ২৩ মে’: অসম-নাগালেণ্ড সীমান্তৰ ধনশিৰিত সন্দেহযুক্ত ডিএনএলএ উগ্ৰপন্থীৰ সৈতে আৰক্ষীৰ সংঘৰ্ষ  হৈছে আৰু এই সংঘৰ্ষত মুঠ ৮ টা উগ্ৰপন্থী নিহত হৈছে৷ আৰক্ষী বিভাগৰ সূত্ৰত প্ৰকাশ কৰা অনুসৰি আজি পুৱতি নিশা হোৱা  সংঘৰ্ষত ৬ জনকৈ সন্দেহযুক্ত ডিএনএলএ কেডাৰ নিহত হৈছে৷ কাৰ্বি আংলং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ সোনোৱালৰ নেতৃত্বত অসম ৰাইফলছৰ জোৱান আৰু আৰক্ষীৰ এটা দলে এই অভিযান চলাইছিল ধনশিৰিৰ মিচিবাইলুঙত  ৷ ঘটনাস্থলীৰ পৰা  আৰক্ষীয়ে ৪ টা এ কে ৪৭ ৰাইফল আৰু কেইবাটাও  মৰণাস্ত্ৰৰ লগতে কেইবা জাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷

উল্লেখযোগ্য যে, যোৱা ১৯ মে’ত ধনশিৰিৰ দাউজিফাঙত অচিনাক্ত দূৰ্বৃত্তৰ গুলীত সঞ্জয় ৰংহাং নামৰ এজন পূজাৰী নিহত হৈছিল৷বিগত কিছুদিন ধৰি জিলাখনত ডিএনএলএ উগ্ৰপন্থী সক্ৰিয় হৈ আছিল৷ নৱনিযুক্ত কাৰবি আংলং জিলাৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙৰ নিৰ্দেশত সীমামূৰীয়া এলেকাটোত সন্দেহযুক্ত ডিএনএলএ উগ্ৰপন্থীৰ বিৰুদ্ধে চলিছিল এই অভিযান৷ নিহত কেডাৰ কেইজন ক্ৰমে, অমৰজিৎ ওৰফে ৰন্দীৰ নিকেন ওৰফে দনখান,তামিল ওৰফে ৰিংচা একচন, বেলমিট আৰু প্ৰীতম বুলি চিনাক্ত কৰা  হৈছে৷