শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Entertainment  / দাৰা আহমেদৰ দেহাৱসান

দাৰা আহমেদৰ দেহাৱসান

বিশিষ্ট পৰিচালক গৰাকীৰ মৃত্যুত সাংস্কৃতিক মহলত শোকৰ ছাঁ

গুৱাহাটী, ২৪ মে’: অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় পৰিচালক দাৰা আহমেদে আজি পুৱা গুৱাহাটীৰ এপ’ল’ হাস্পতালত  শেষ নিশ্বাস ত্যাগ কৰে। কালি অৰ্থাৎ দেওবাৰে দুপৰীয়া হঠাৎ তেওঁ বুকুত  বিষ অনুভৱ কৰাৰ বাবে তেওঁক  এপ’ল’ হাস্পতালত ভৰ্তি কৰোৱা হয়।  চিকিৎসকে তেওঁক উন্নত চিকিৎসাৰ বাবে আই চি ইউত ভৰ্তি কৰে যদিও  সোমবাৰে পুৱা পৰিচালকগৰাকী চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে। জনপ্ৰিয় অসমীয়া ছবি ‘ড° বেজবৰুৱা’ত সহকাৰী পৰিচালক হিচাপে পৰিচালনাৰ কাম আৰম্ভ কৰিছিল দাৰা আহমেদে। তেওঁ পৰিচালনা কৰা ছবিসমূহৰ ভিতৰত ‘বৰদৈচিলা’,  ‘ৰিক্সাৱালা’, ‘যখিনী’, ‘উৰ্বশী’, ‘ধ্ৰুৱতৰা’, ‘দেৱী’ (শম্ভু গুপ্তৰ সৈতে যুটীয়াভাৱে), ‘পূজা’ আদি  অন্যতম।তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭২ বছৰ৷তেওঁৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতৰ বাবে এক বৃহৎ ক্ষতি বুলি উল্লেখ কৰি দুখ প্ৰকাশ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জনাইছে৷মৃত্যুৰ সময়ত তেওঁ তেওঁৰ পত্নী আৰু পুত্ৰক ইহসংসাৰত এৰি থৈ গৈছে৷