বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / কাৰ্ফিউ বলবৎ থাকিব অহা ৫ জুনলৈ

কাৰ্ফিউ বলবৎ থাকিব অহা ৫ জুনলৈ

গ্ৰামাঞ্চলত কাৰ্ফিউ হ’ব দুই বজাৰ পৰাই

গুৱাহাটী, ২৫ মে’: শ্ৰীৰামপুৰৰ অসম পশ্চিমবংগ সীমান্তত আজি ক’ভিড পৰিস্থিতিৰ বুজ ল’বলৈ উপস্থিত হ’লগৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷সীমান্ত অঞ্চলটো ভ্ৰমণৰ সময়ত তেওঁক সংগ দিয়ে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু বিটিচি প্ৰধান প্ৰমোদ বড়োৱে৷
আজি  ৰাজ্যত নতুনকৈ প্ৰবৰ্তন হ’বলগীয়া এছঅপিৰ বিষয়টো ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে৷নতুন এছঅপি   অনুসৰি অহা ৫ জুনলৈকে বলবৎ থাকিব আংশিক লকডাউন আৰু সান্ধ্যআইন অৰ্থাৎ কাৰ্ফিউ৷ এতিয়াৰে পৰা গ্ৰামাঞ্চলত ২ বজাতে হ’ব কাৰ্ফিউ আৰু চহৰাঞ্চলত এই কাৰ্ফিউ ১২ বজাৰ পৰাই বলবৎ হ’ব৷ ক’ভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আজি এই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পূৰ্বে গ্ৰাম্যাঞ্চলত ৫ বজাৰ পৰা কাৰ্ফিউ আৰম্ভ হৈছিল। পুনৰ ১০ দিনলৈ বৃদ্ধি কৰা হৈছে সান্ধ্য আইন।  লগতে ৫ জুনলৈ বন্ধ থাকিব আন্তঃজিলা যাতায়াতো। পৰৱৰ্তী নিৰ্দেশনা নিদিয়ালৈকে বাহাল থাকিব পূৰ্বৰ নিয়ম।